Page Nav

HIDE

যোৰহাটৰ জেইল ৰোডত উৰণীয়া হেতু

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৬ অক্টোবৰ :    যোৰহাটত আৰু এখন উৰণীয়া হেতু নিৰ্মাণ কৰা হব । ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ ।  যোৰহাটত অন...


 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৬ অক্টোবৰ :    যোৰহাটত আৰু এখন উৰণীয়া হেতু নিৰ্মাণ কৰা হব । ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ ।  যোৰহাটত অনুষ্ঠিত বিজেপি চাহ মৰ্চাৰ  সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যৰ বিত্ত , স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাটৰ জেইল ৰোডৰ মেডিকেল কলেজৰ সমীপত আৰু এখন উৰণীয়া হেতু নিৰ্মান কৰা হব । অহা মাহৰ পৰা হেতুৰ কাম আৰম্ভ কৰা হব । যোৰহাটৰ পথ সুমহ নিৰ্মাণৰ কাম চলি আছে ইতিমধ্যে কেইবাটাও পথ  নিৰ্মান হল আৰু  কৰিবলগীয়া সমূহ পথ  সোনকালেই নিৰ্মান কৰা হব বুলি তেওঁ উল্লেখ কৰে । আৰু যোৰহাটৰ মহিলা বিশ্ব বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পদত্যাগ কৰাৰ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ উত্তৰ দিয়াৰ পৰা বিৰত থাকে যদিও   তেওঁ কয় যে ব্যক্তিগত কাৰণত উপাচাৰ্য গৰাকীয়ে পদত্যাগ কৰিছে । এই সমূহ কথা ৰাজ্যপালৰ এখতিয়াৰৰ ভিতৰত পৰে । পাছত প্ৰয়োজন হলে তেওঁলোকে চাব বুলি উল্লেখ কৰে । আনহাতে চাহ জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ বাবে আৰু নতুন বহু আঁচনি লোৱা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।