Page Nav

HIDE

অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী মাষ্টাৰমাইণ্ড আদম আলী গ্ৰেপ্তাৰ

গণ বাৰ্তা, ধুবুৰী, ১১ অক্টোবৰ ঃ বহু প্ৰতীক্ষাৰ  অন্তত অৱশেষত ধৰা পৰিল ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰা তথা অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰ...

গণ বাৰ্তা, ধুবুৰী, ১১ অক্টোবৰ ঃ বহু প্ৰতীক্ষাৰ  অন্তত অৱশেষত ধৰা পৰিল ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰা তথা অসম আৰক্ষীৰ নিদ্ৰাহৰণকাৰী মাষ্টাৰমাইণ্ড আদম আলী। চোৰাং গৰু  সৰবৰাহ কৰাৰ লগতে দেশদ্ৰোহী  কামত লিপ্ত থকাৰ সংক্ৰান্তত বহু দিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল মাষ্টাৰমাইণ্ড আদম আলীক। দেশদ্ৰোহী  কামত লিপ্ত থকাৰ উপৰিও ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং গৰু  সৰবৰাহ কৰা মাষ্টাৰমাইণ্ড আদম আলীৰ  নামত আৰক্ষীৰ হাতত বহুত গোচৰ পঞ্জীয়ন হৈ আছিল যদিও আদম আলী আৰক্ষীৰ চকুত ধূলি দি নিজকে পলাই ৰাখিছিল। আজি ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) দেৱশ্ৰী চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ বিশেষ দল এটিয়ে গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ পৰা পুৱাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

 মাষ্টাৰমাইণ্ড আদম আলীক আৰক্ষীৰ তদন্তৰ অন্তত, আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আদম আলীৰ তিনি ঠাইত থকা বাসভৱনত কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত তন্ন তন্নকৈ তলাচী  চলাই  যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ হোৱাএমুনাইজেচন বক্স এটা, বিদেশত নিৰ্মিত ৯ এম এম পিষ্টল এটা, এ কে-৪৭ৰ ১০ জাঁই সক্ৰয়ি গুলীৰ উপৰিও বিভিন্ন বেংকৰ এটিএম প্ৰায় ৮ খন, আন্তৰ্জাতিক পাছপ’ৰ্ট এখন আৰু বহু আপ¿Mজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।  কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত,  আৰক্ষীয়ে যেতিয়া তন্ন তন্নকৈ তলাচী চলাইছিল তেতিয়া আদম আলীৰ তিনি ঠাইত থকা বাসভৱন বন্ধ আছিল বুলি আৰক্ষী অধীক্ষকে জনায়। লগতে আদম আলীক কাইলৈ ধুবুৰী আৰক্ষীৰ ওচৰত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে।