ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৯ অক্টোবৰ : অসম সাহিত্য সভাৰ প্ৰথম জন সম্পাদক প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামীৰ অতি সুন্দৰকৈ চিত্ৰ অংকন কৰে যোৰহাটৰ ব...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৯ অক্টোবৰ : অসম সাহিত্য সভাৰ প্ৰথম জন সম্পাদক প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামীৰ অতি সুন্দৰকৈ চিত্ৰ অংকন কৰে যোৰহাটৰ বিশিষ্টা কবি, সাহিত্যিক তথা চিত্ৰশিল্পী জুলি বৰুৱাই । আজি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈৰ ভৱনত আনুষ্ঠানিকভাবে চিত্ৰ খন অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যলয়ৰ সম্পাদক ৰমানন্দ বৰাৰ হাতত অপৰ্ণ কৰে চিত্ৰকাৰ জুলি বৰুৱাই । চিত্ৰখন অৰ্পণ কৰাৰ সময়ত উপস্থিত থাকে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক খিৰোদ দাস, বিদায়ী মুখপাত্ৰ মিতালি শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট লোক । এই চিত্ৰ খন দেখি সকলোৱে চিত্ৰকাৰ গৰাকীক প্ৰসংশা কৰে ।
No comments