পেৰিছঃ পেৰিছ চহৰত চলি থকা বছৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা নোভাক জ...
পেৰিছঃ পেৰিছ চহৰত চলি থকা বছৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বিশ্বৰ শীৰ্ষ টেনিছ তাৰকা নোভাক জক’ভিছ। বুধবাৰে নিশা অনুষ্ঠিত মেচত জক’ভিছে প্ৰতিদ্বন্দ্বী পাবলো কাৰৰেনো বুষ্টাকক পৰাস্ত কৰি ছাৰ্বিয়াৰ টেনিছ তাৰকাগৰাকী ছেমিত প্ৰৱেশ কৰে। তেওঁ প্ৰতিদ্বন্দ্বী স্পেইনৰ পাবলো কাৰৰেনো বুষ্টাকক ৪-৫, ৬-২, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। মেচখনত জয় লাভৰ বাবে জক’ভিছে বহু কষ্ট কৰিবলগীয়া হয়। যিহেতু মেচখনত প্ৰতিদ্বন্দ্বীজনেও সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল। এনে স্থলত মেচখনত সহজে জয় লাভ কৰাটো সম্ভৱপৰ হৈ উঠা নিছিল জক’ভিছৰ বাবে। ধৈৰ্যৰে জক’ভিছে প্ৰতিদ্বন্দ্বী বিৰুদ্ধে খেলি গৈছিল।
পিছত তেওঁ মেচখনত বৃহৎ সফলতা লাভ কৰে। মেচখনত জয় লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। জক’ভিছে এতিয়া ছেমি ফাইনেলত ষ্টেফানোছ ছিটচিপাছৰে মুখামুখি হ’ব। ৩৩ বছৰীয়া জক’ভিছে ছেমিত প্ৰৱেশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে এই জয়ে মোক আগলৈ বাঢ়ি যোৱাৰ উৎসাহ দিছে। ছেমি ফাইনেলত প্ৰৱেশ কৰি নিজকে গৌৰৱবোধ অনুভৱ কৰিছোঁ। শাৰীৰিক আঘাতক একাষৰীয়া কৰি খেলি গৈছোঁ। ফ্ৰেন্স অ’পেনত জপিয়াই পৰাৰ পূৰ্বে শাৰীৰিক আঘাতৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল। এতিয়া সুস্থ অনুভৱ কৰি আছো বুলি উল্লেখ কৰি কয় যে যিমানেই মেচসমূহ আগবাঢ়ি আছে, সিমানেই মনত উৎসাহ দুগুণ বৃদ্ধি পাইছে।
No comments