Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহাৰ নিৰ্বাচন : নীতিশ কুমাৰৰ বিদায়ী নিশ্চিতঃ বিমুদ্ৰাকৰণেৰে দৰিদ্ৰৰ টকা ধনীৰ পকেটত সোমোৱাইছে মোদীয়ে - ৰাহুল গান্ধীৰ কটাক্ষ

পাটনা, ২৩ অক্টোবৰ :  বিহাৰ নিৰ্বাচন-২০২০ চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ তীব্ৰতৰ হৈ উঠিছে। এনডিএ মিত্ৰজোঁটৰ হ...



পাটনা, ২৩ অক্টোবৰ :  বিহাৰ নিৰ্বাচন-২০২০ চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ তীব্ৰতৰ হৈ উঠিছে। এনডিএ মিত্ৰজোঁটৰ হৈ উঠিপৰি লাগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে আদি কৰি কেইবাজনো নেতাই। ইফালে বিৰোধী পক্ষৰ মিত্ৰজোঁটৰ হৈ আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে। মহাজোঁটৰ হৈ আজি প্ৰথমটো নিৰ্বাচনী সভা সম্বোধন কৰে যৌথভাৱে আৰ জে ডি নেতা তেজস্বী যাদৱ আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। নিৰ্বাচনী সভাত তেজস্বী যাদৱে প্ৰধানতঃ মুখ্যমন্ত্ৰী নীতীশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰে ৰাহুল গান্ধীয়ে।

 নিবনুৱা সমস্যা, কোৰোনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ইছ্যুক কেন্দ্ৰ কৰি আৰ জে ডি নেতা তথা মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে নীতীশ কুমাৰক আক্ৰমণ কৰি কয় যে অহা ৯ নৱেম্বৰত তেওঁৰ পিতৃ লালু প্ৰসাদ যাদৱে বন্দীশালৰ পৰা মুকলি আকাশৰ তললৈ আহিব আৰু তাৰ পিছদিনাই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰে বিদায় ল’ব লাগিব। নীতীশ কুমাৰৰ অৱসৰ লোৱাৰ বয়স উকলিছে। ৬৯ বছৰীয়া নীতীশ কুমাৰক ৩০ বৰ্ষীয় তেজস্বী যাদৱে প্ৰত্যাহবান জনাই কয় যে কোৰোনা মহামাৰীয়ে ৰাজ্যৰ জনতাৰ জীয়াই থকাৰ প্ৰতি যেতিয়া ভাবুকিস্বৰূপ হৈ পৰিছিল, সেই সময়ত নীতীশ কুমাৰে ভয়তে পেপুৱা লাগি গৃহবন্দী হৈ আছিল। জনতাৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ তেওঁ যেন অপাৰগ আছিল। প্ৰকৃততে কোৰোনা মহামাৰী বিয়পি পৰাৰ সময়তেই একপ্ৰকাৰ ৰাজনীতিৰ পৰা তথা মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ লৈছিল নীতীশ কুমাৰে।

 আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি তেজস্বী যাদৱে কয়- নীতীশ কুমাৰক মুখ্যমন্ত্ৰী পাতি বিহাৰৰ শাসন প্ৰকৃততে দিল্লীৰ পৰা চলাই আছে বিজেপিয়ে। অথচ বিহাৰত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ পৰা বিৰত আছে। ই বিহাৰৰ প্ৰতি চৰম অন্যায়। এই অন্যায় এইবাৰ বিহাৰবাসীয়ে সহ্য নকৰে। সেয়ে অহা ১০ নৱেম্বৰত বিজেপি-জেডিইউ মিত্ৰজোঁটক বিদায় দিব বিহাৰৰ ভোটাৰে। আনহাতে একেখন সভাত উপস্থিত থাকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰ আৰু দিল্লী চৰকাৰক আক্ৰমণ কৰি কয়- নীতীশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ দিনত বিহাৰত দলিতৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ অধিকাৰ খৰ্ব কৰা হৈছে। সংখ্যালঘুক দেশৰ নাগৰিক হিচাপে যেন মানি ল’বলৈ টান পাইছে। এনে অৱস্থাত এই চৰকাৰ নিশ্চয় বিহাৰবাসীয়ে নিবিচাৰিব। সেয়ে এইবাৰৰ নিৰ্বাচনত মহাজোঁটৰ সপক্ষে ভোটাৰে সমৰ্থন আগবঢ়াব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পোনপ

টীয়াকৈ আক্ৰমণ কৰি কয় - বিমুদ্ৰাকৰণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰৰ একাউণ্টত ১৫ লাখকৈ টকা দিব বিচাৰিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি পাহৰি দেশৰ ধনাঢ্যৰ পকেটতহে বিমুদ্ৰাকৰণৰ টকা সোমাইছে। এনডিএ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত নিবনুৱা সমস্যা সমাধানৰ কোনোধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল। ইয়াৰ বিপৰীতে বিভিন্ন সময়ত নিবনুৱাবিৰোধী পদক্ষেপ গ্ৰহণ কৰি বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীকো চাটাই কৰাত এই চৰকাৰে অৰিহণা যোগাইছে। উল্লেখ্য যে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নীতীশ কুমাৰেও আজি যৌথভাৱে নিৰ্বাচনী সভা সম্বোধন কৰে। 

No comments