Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি মহা সপ্তমীঃ দোলাত উঠি মৰতত দেৱীৰ আগমন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  শৰতত দেৱী দুৰ্গাৰ আগমন ঘটিল মৰতত। আজি ষষ্ঠীৰ বেদীত বিৰাজমান হ’ল দুৰ্গতিনাশিনী মা দুৰ্গা। পুৱা ৯ বাজ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  শৰতত দেৱী দুৰ্গাৰ আগমন ঘটিল মৰতত। আজি ষষ্ঠীৰ বেদীত বিৰাজমান হ’ল দুৰ্গতিনাশিনী মা দুৰ্গা। পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডত কৃত্যায়ন আৰম্ভ হোৱাৰ পিছত সন্ধিয়া মহিষাশূৰবধিনী আমন্ত্ৰণ আৰু অধিবাস আৰম্ভ হয়। ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপত দেৱীৰ প্ৰতিমা স্থাপন কৰাক লৈ উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয় যদিও কোৰোনাৰ পৰিস্থিতিৰ বাবে কমসংখ্যক লোকহে মণ্ডপত উপস্থিত হয়। প্ৰতিখন পূজা মণ্ডপত পূজা কমিটীয়ে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা অনুসাৰে দেৱীক প্ৰতিষ্ঠা কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰে। দেৱী প্ৰতিষ্ঠাৰ বাবে যাতে কোৰোনা ভাইৰাছ সংক্ৰমণিত নহয় সেই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে পূজা কমিটীসমূহে। লক্ষণীয় যে স্বাস্থ্য বিভাগে পূজাৰ বতৰত ব্যাপক ভিৰ হোৱাৰ আশংকাত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। আজি দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছতে নৈমিত্তিক পূজা-অৰ্চনা আৰু আৱাহন আৰম্ভ কৰা হয়। সন্ধিয়া আৱাহন আৰু অধিৱাস আৰম্ভ হোৱাৰ পিছতে দেৱী দোলাত উঠি মৈৰ্ত্যত আগমন ঘটে। কাইলৈ অনুষ্ঠিত হ’ব মহা সপ্তমী। সপ্তমীৰ দিনাখন স্বাস্থ্য বিভাগৰ সকলো নীতি-নিৰ্দেশনা পালন কৰি পূজা কমিটীসমূহে দেৱীক আৰাধনা পৰ্ব আৰম্ভ কৰিব। লক্ষণীয় যে এইবেলি পূজা মণ্ডপসমূহত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে সুকীয়াকৈ বাঁহৰ বেৰিকেড নিৰ্মাণ কৰা হৈছে। ভিৰ যাতে নিয়ন্ত্ৰণ নহয় তাৰ বাবে ব্যাপক ব্যৱস্থাপনা কৰা পৰিলক্ষিত হৈছে। অৱশ্যে পূৰ্বৰ তুলনাত পূজা কমিটীসমূহত উপস্থিতি তেনেই সেৰেঙা হোৱা পৰিলক্ষিত হয়। 

কাইলৈ সপ্তমীৰ আৰাধনাৰ বাবে ধূপ-ধূনা-নৈবেদ্য লৈ ভক্তগণ পূজা মণ্ডপত উপস্থিত হ’ব যদিও সকলো সতৰ্কতা মানি চলিহে পূজা-অৰ্চনা আগবঢ়াবলৈ দিয়া হ’ব। ইপিনে শাৰদীয়, দুৰ্গোৎসৱক লৈ পূজাৰ বজাৰতো কিছু ভিৰ দেখা যায় যদিও বিগত বৰ্ষৰ তুলনাত সেয়া তেনেই  নগণ্য। কোৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ধাৰ্য কৰা নীতি-নিৰ্দেশনাৰ বাবেই পূজা সমিতিসমূহত এক সুকীয়া বাতাবৰণ পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে বজাৰতো দেখা যায় ইয়াৰ প্ৰভাৱ। গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপসমূহতো সেই একেই প্ৰতিচ্ছবি পৰিলক্ষিত হয়। পূৰ্বতে লতাশিল, ভৰলু, বেলতলা, লক্ষ্মীমন্দিৰ, গণেশগুৰি, মালিগাঁৱত যি উৎসাহ-উদ্দীপনা আৰু ব্যাপক জাকজমকতা পৰিলক্ষিত হৈছিল সেয়া এইবেলি দেখিবলৈ পোৱা নাযায়। 

এইবেলি মাত্ৰ আৰাধনাৰ বাবেহে দেৱীক দৰ্শন কৰিব ভক্তগণে। তদুপৰি উগ্ৰতাৰা, নৱগ্ৰহ, ভূতনাথ আদি দেৱালয়ত এইবেলি দুৰ্গা পূজা উপলক্ষে নহয় কোনো বলি-বিধান। স্বাভাৱিকভাৱে পূজা মণ্ডপসমূহত নিমাওমাও পৰিৱেশ পৰিলক্ষিত হোৱাত ব্যৱসায়ীসকলৰ মাজতো ব্যাপক নিৰুৎসাহ পৰিলক্ষিত হৈছে। পূজাস্থলীত বিগত বৰ্ষসমূহত ব্যাপক জনসমাগম হোৱাট ফাষ্টফুড আৰু আন দোকানসমূহ ভৰি পৰিছিল যদিও এইবাৰ কিছুসংখ্যক দোকানহে পৰিলক্ষিত হয়। বিশেষকৈ লতাশিল খেলপথাৰ বিগত বৰ্ষসমূহত বিভিন্ন দোকান-পোহাৰেৰে ঠাহ খাই আছিল যদিও এইবেলি মাত্ৰ আনুষ্ঠানিকতাহে দেখা পোৱা গৈছে।

No comments