ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৩ অক্টোবৰ : ক'ভিডৰ আশংকা আৰু চৰকাৰৰ নীতি - নিৰ্দেশনাৰ মাজতে অনুষ্টুপিয়াকৈ যোৰহাটত উদযাপিত হোৱা দুৰ্গা পূজ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৩ অক্টোবৰ : ক'ভিডৰ আশংকা আৰু চৰকাৰৰ নীতি - নিৰ্দেশনাৰ মাজতে অনুষ্টুপিয়াকৈ যোৰহাটত উদযাপিত হোৱা দুৰ্গা পূজা মণ্ডপত যোৰহাট জিলা স্বাস্থ্য সমিতিৰ ধঁপাত নিয়ন্ত্ৰণ কোষে ক'ভিডৰ নিয়ম নীতি মানি চলাৰ লগতে ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ প্ৰচাৰ অভিয়ান চলাই । জিলাখনৰ মৰীয়নী , তিতাবৰ , ন-কছাৰী , টীয়ক , মেলেং , ৰংদৈ ,কেন্দুগুৰী ,বালিগাঁও, সবাইবন্ধা , নগৰৰ মাজমজীয়াৰ পূজা মণ্ডপবোৰত ধঁপাত নিয়ন্তন কোষৰ কৰ্মকর্তাই পোষ্টাৰ , বেনাৰ আদি বিতৰণ কৰি সতৰ্কতা মূলক প্ৰচাৰ কায্যসূচী ৰূপায়ণ কৰে ।এই কায্যসুচীত যোৰহাট স্বাস্থ্য সমিতি আৰু ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয় ববীয়া দীপক হাজৰিকা , প্ৰশীল কুমাৰ বৰা , জগন্নাথ অগ্নি বৰা , পূস্পধৰ পাটৰ আৰু যোৰহাটৰ এটা এন জি অ ৰুদ্ৰাক্ষীৰ বিষয়ববীয়াই সহযোগীতা আগ বঢ়ায়।
No comments