ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ : মহাসপ্তমীৰ দিনা মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক। মহানগ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ : মহাসপ্তমীৰ দিনা মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক। মহানগৰীৰ উগ্ৰতাৰা দেৱালয়, লতাশিল পূজা মণ্ডপ আৰু টকৌবাৰীৰ বাৰোৱাৰী পূজা মণ্ডপত ‘মা’ৰ আশীৰ্বাদ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। সাংবাদিকৰ আগত সাংসদগৰাকী বিজেপিৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে আৰু কয় যে যোৱা কেইদিনমান পূৰ্বে বিজেপি নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে।
২০২১ চনত অসমত অসমীয়াৰ জয় হ’ব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি গৌৰৱ গগৈয়ে দাবী কৰে। উল্লেখ্য যে সংবাদমেল অনুষ্ঠিত কৰি সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা মুমিনুল আৱালে তৰুণ গগৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইনক মোগলৰ বংশধৰ বুলি আখ্যা দিছিল। বিজেপি নেতাগৰাকীৰ এনে বিতৰ্কিত মন্তব্যক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে একমুখে কয় যে বিজেপিয়ে বিগত বছৰকেইটাত একো উন্নয়ন সাধন কৰিব পৰা নাই। নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া মোগল সভ্যতা আৰু লাভ জেহাদৰ প্ৰসংগ টানি আনি সৰ্বসাধাৰণ জনতাক বিপথে পৰিচালিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে।
No comments