Page Nav

HIDE

দুৰ্নীতিত লিপ্ত টেঙাখাত আৰক্ষী থানাৰ এছ আই দ্বীপজ্যোতি দাসক জেললৈ প্ৰেৰণ

        গণ বাৰ্তা, টেঙাখাত-ডিব্ৰুগড়, ৬ অক্টোবৰঃ  সম্প্ৰতি সমগ্ৰ অসমত অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কেন্দ্ৰ কৰি...


       

গণ বাৰ্তা, টেঙাখাত-ডিব্ৰুগড়, ৬ অক্টোবৰঃ  সম্প্ৰতি সমগ্ৰ অসমত অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কেন্দ্ৰ কৰি তোলপাৰ লাগি থকাৰ সময়ছোৱাতে সোমবাৰে টেঙাখাত আৰক্ষী থানাৰ এজন আৰক্ষী উপ-পৰিদৰ্শক  দুৰ্নীতিৰ অভিযোগত জেললৈ যাব লগা হোৱা এক ঘটনাই ডিব্ৰুগড়ৰ লগতে টেঙাখাতত ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে। ঘটনাৰ বিৱৰণী মৰ্মে টেঙাখাত আৰক্ষী থানা অধীনৰ উইলটনস্থিত এখন ব্যক্তিগত বিদ্যালয়ৰ এহাল কিশোৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰেম জনিত এক ঘটনাৰ  ফলত কিছুদিনৰ আগতে টেঙাখাত থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উক্ত কিশোৰীহালক পৰবৰ্তী সময়ত নিৰ্দিষ্ট জেললৈ প্ৰেৰণ কৰিব লগা হয়। অভিযোগমৰ্মে উক্ত ঘটনাক কেন্দ্ৰ কৰি কিশোৰীহালে পঢ়া ব্যক্তিগত বিদ্যালয় খনৰ অন্যতম স্বত্বাধিকাৰ বানাবাজ খুজুৰক পৰবৰ্তী দিনৰ পৰা টেঙাখাত আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক দ্বীপজ্যোতি দাসে বিভিন্ন ধৰণে মানসিকভাবে ব্যতিব্যস্ত কৰাৰ ওপৰি তেওঁৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল। অৱশ্যে তেওঁ  উপ পৰিদৰ্শক গৰাকীক কাকুতি মিনতি কৰি যোৱা ২৮ ছেপ্টেম্বৰত নগদ এক লাখ টকা  প্ৰদান কৰে ৷ কিন্তু তেওঁ বিষয়টোক লৈ পৰৱতী সময়ত বিভিন্ন সচেতন মহলৰ লগত আলোচনা কৰি টেঙাখাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লগ কৰি ঘটনাাটোৰ সম্পৰ্কে জনোৱাত তেওঁৰ অজ্ঞাতে এনে কাৰ্য হোৱা বুলি নিশ্চিত হয়। এনে পৰিপ্ৰেক্ষিতত যোৱা ৪ অক্টোবৰত বানাবাজ খুজুৰে আৰক্ষী উপ- পৰিদৰ্শক দ্বীপজ্যোতি দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত  টেঙাখাত আৰক্ষী থানাত ১১৮/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি  টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুলমণি দাসে কালি ৩৮৭ নং ধাৰাত  আৰক্ষী উপ- পৰিদৰ্শক দ্বীপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণ কৰে।