Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঐতিহ্য মণ্ডিত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী পীতাম্বৰ গোস্বামীক স্মৰণ মাজুলী জিলা সাহিত্য সভাৰ:

মৰণোত্তৰভাৱে "ভাৰতৰত্ন" প্ৰদানৰ দাবী; গ্ৰন্থ উন্মোচন। পৰাণজ্যোতি বৰা, মাজুলী,২০ অক্টোবৰ :  সত্ৰীয়া সংস্কৃতিৰ চাৰি বেৰত থাকিও ভাৰত...

মৰণোত্তৰভাৱে "ভাৰতৰত্ন" প্ৰদানৰ দাবী; গ্ৰন্থ উন্মোচন।



পৰাণজ্যোতি বৰা, মাজুলী,২০ অক্টোবৰ :  সত্ৰীয়া সংস্কৃতিৰ চাৰি বেৰত থাকিও ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি মহান নেতাৰ সান্নিধ্য লাভ কৰি মাজুলীত স্বাধীনতা সংগ্ৰামখন সমুখৰ পৰা নেতৃত্বদি কাৰাবৰণ কৰিও থমকি নোৰোৱা মাজুলীৰ পঞ্চৰত্নৰ অন্যতম ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ আজি মৃত্যু তিথিৰ উপলক্ষে মাজুলী জিলা সাহিত্য সভাই দিনজোৰা কাৰ্যসুচিৰ স্মৃতি দিবসটি উদযাপন কৰে। গড়মূৰ শাখা সাহিত্য সভাৰ সহযোগত গড়মূৰ  প্ৰেছ ক্লাবত আয়োজন কৰা স্মৃতি দিবসত পূৱা পতাকা উত্তোলন কৰে  মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা ই। প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে  প্ৰবীণ মুক্তি যোদ্ধা প্ৰফুল্ল ভূঞাই। স্মৃতিচাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মাজুলী জিলা সাহিত্য সভাৰ উপ- সভাপতি প্ৰফুল্ল বৰুৱাই।দিনৰ ১১ বজাৰ পৰা জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাৰ সভাপতিত্ব আৰম্ভ হোৱা  স্মৃতিচাৰণ সভাখনত আদৰণি ভাষণ আগবঢ়ায় জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে। সভা উদ্বোধন কৰি ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ নবকুমাৰ গামে প্ৰায়াত সত্ৰাধিকাৰ গৰাকীৰ কৰ্মৰাজিত উদিত সূৰ্যৰ দৰে আভাৰে সমুজ্বল মাজুলীৰ জনজাতীয় সমাজ। সত্ৰাধিকাৰ গৰাকীয়ে লোৱা পদক্ষেপৰ বাবেই কেৱল মাজুলীৰে নহয় অসমৰ জনজাতীয় সমাজখনে একৈশ শতিকাতো শিক্ষা-দীক্ষা আদি সকলো দিশতে আগবাঢ়িবলৈ সক্ষম হৈছে।নিদ্দিষ্ট বক্তাৰ আসনৰ পৰা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দেবজিৎ শইকীয়াই এই গৰাকী সত্ৰাধিকাৰ আধুনিক মনৰ গৰাকী, অত্যন্ত দুৰদৰ্শী আৰু সংস্কাৰ কামী ব্যক্তিত্বৰ প্ৰতিভু। বিদেশী বস্ত্ৰ বৰ্জন, অস্পৃশ্যতা দূৰীকৰণ,মাদক দ্ৰব্য নিবাৰণ, সমবায় আন্দোলনৰ হোতা,তথা আত্মনিৰ্ভৰশীল ব্যবস্থাৰ প্ৰবৰ্তক সত্ৰাধিকাৰ গৰাকীয়ে সাতখলপীয়া আসন, আৰু খাটোলা ত্যাগকৰি জনকল্যানৰ বাবে ,দেশৰ স্বাধীনতাৰ বাবে ৰাজপথলৈ ,জনগনৰ মাজলৈ ওলাই আহি সমন্বয় সেতু গঢ়ি থৈ গৈছে। বিশিষ্ট অতিথিৰ আসনৰ পৰা মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বৰা বুঢ়াভকত, পীতাম্বৰ দেৱগোস্বামী কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ গুনমনি নাথ, পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুমুদ গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰেনুমালা দত্ত,  গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্ত, উপ-সভাপতি কাজল দত্ত, জিলা সাহিত্য সভাৰ উপ-সভাপতি প্ৰফুল্ল বৰুৱা আদিয়ে যুগদষ্টা , প্ৰবাদ পুৰুষ গৰাকীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। সভাত ৰেনুমালা দত্ত আৰু ৰবীন শৰ্মাই কবিতা পাঠকৰাৰ উপৰিও গড়মুৰ শাখা সাহিত্য সভাৰ শিল্পী সকলে সমবেত গীত পৰিৱেশন কৰে।
এই সভাতে অবসৰ প্ৰাপ্ত শিক্ষক ৰবীন শৰ্মাই ৰচনা কৰা " শিশু শিক্ষা প্ৰাসংগীক দিশ" নামৰ গ্ৰন্থখন উন্মোচন কৰে  ডo দেবজিৎ শইকীয়াই।সভাই সৰ্বসন্মতি ক্ৰমে প্ৰবাদ পুৰুষ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক মৰণোত্তৰভাৱে ভাবে " ভাৰত ৰত্ন" সন্মান যাচিবলৈ দাবী জনাই এই ক্ষেত্ৰত মাজুলী জিলা সাহিত্য সভাই অসম সাহিত্য সভাৰ সহযোগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অবগত কৰি ব্যবস্থা ল'বলৈ দায়িত্ব অৰ্পণ কৰে। তদুপৰি বিদ্যালয়ৰ পাঠ্যপুথিত পীতাম্বৰ দেৱগোস্বামীৰ বিষয়ে অন্তৰ্ভুক্তি, জন্ম বা মৃত্যু তিথিত চৰকাৰী বন্ধ, মাজুলীৰ যিকোনো এটা পথ তেওঁৰ নামেৰে নামাকৰণ, আৰু পীতাম্বৰ দেৱগোস্বামীৰ নামত থকা উচ্চ মাধ্যমিক বিদ্যালয় খন উচ্চতৰ মাধ্যমিকলৈ উত্তৰণ ঘটোৱা কে ধৰি কেইবাটাও প্ৰস্তাব গ্ৰহণ কৰা হয়। সভাখনৰ আতধৰি শলাগৰ শৰাই আগবঢ়াই মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে।

No comments