ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ ঃ অৱশেষত গণেশগুৰিৰ উৰণীয়া সেতুৰ দেৱালৰ পৰা গুৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে। কলাগুৰু বিষু্ণ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ অক্টোবৰ ঃ অৱশেষত গণেশগুৰিৰ উৰণীয়া সেতুৰ দেৱালৰ পৰা গুৰু আসনৰ প্ৰতিচ্ছবি উঠাই দিলে ৰাজ্য চৰকাৰে। কলাগুৰু বিষু্ণ ৰাভাৰ নামত থকা গণেশগুৰি উৰণীয়া সেতুৰ উত্তৰ দিশে আৰ জি বৰুৱা পথত সংযোগী উৰণীয়া সেতুৰ দেৱালত বিভিন্ন ছবি অংকনৰ লগতে গুৰু আসনৰো ছবি অংকন কৰিছিল। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গণেশগুৰি উৰণীয়া সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। উৰণীয়া সেতুৰ দেৱালত গুৰু আসনৰ অংকনক লৈ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সন্মান জনাই ২৪ ঘণ্টাৰ ভিতৰতেই গুৰু আসনৰ প্ৰতিচ্ছবি দেৱালৰ পৰা উঠাই দিয়া হ’ল।
No comments