Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহাজোঁট নহয় মোগলজোঁট : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ প্ৰতিক্ৰিয়া

  ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৰ্কযুদ্ধ আৰম্ভ হৈছে। কংগ্ৰেছ আৰু ...

 

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৰ্কযুদ্ধ আৰম্ভ হৈছে। কংগ্ৰেছ আৰু এআইইউডিএফে মিত্ৰতা স্থাপন কৰি মহাজোঁট গঠন কৰিবলৈ তৎপৰ হোৱাৰ সময়তে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মিত্ৰতাক মোগলজোঁট আখ্যা দিছে। আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰগৰাকীয়ে কয় যে কংগ্ৰেছ-ইউডিএফ মিত্ৰজোঁট নহয়, মোগলজোঁট। মুখপাত্ৰগৰাকীয়ে আৰু কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলেই সমাজ থানবান হোৱাৰ লগতে কেলেংকাৰীয়ে পুনৰ মূৰ দাঙি উঠিব। 

কংগ্ৰেছ আৰু ইউডিএফৰ এখন নাটক বুলি অভিহিত কৰি ৰূপম গোস্বামীয়ে কয় যে এই দুটা দলৰ মহাজোঁট অসমৰ বাবে অশোভনীয় সংকেত। কংগ্ৰেছ-ইউডিএফে কোনো কাৰণতে অসমীয়া জাতিটোৰ উন্নয়ন নিবিচাৰে। আনহাতে এই মহাজোঁটৰ বাবে পূৰ্বৰ তুলনাত বিজেপিৰ আসন বৃদ্ধিহে পাব বুলি দৃঢ়তাৰে উল্লেখ কৰি মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে ৰাজ্যৰ ৫১টা সমষ্টি এতিয়া বিপদাপন্ন। ২৭টা সমষ্টিত বিশেষ সম্প্ৰদায় সংখ্যাগুৰু আৰু আন ১০টা সমষ্টি সংখ্যাগুৰু হোৱাৰ দিশেৰে গতি কৰিছে। বাকী ১৪টা সমষ্টিত এই বিশেষ সম্প্ৰদায়ৰ ৩০-৪০ শতাংশ ভোট আছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰূপম গোস্বামীয়ে।

No comments