Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৭ মাহৰ পিছত ১৫ অক্টোবৰৰ পৰা ছবি গৃহ খোলাৰ অনুমতি চৰকাৰৰঃ ৫০ শতাংশ আসনহে পূৰণ কৰিব লাগিব মালিক পক্ষই

নতুন দিল্লী, ৬ অক্টোবৰ ঃ কোৰোনা ভাইৰাছ মহামাৰীৰ বাবে যোৱা ৭ মাহে বন্ধ হৈ আছে দেশৰ ছবিগৃহসমূহ। এনেস্থলত এতিয়া কেন্দ্ৰীয় চৰকাৰে সুদীৰ্ঘ ৭ মাহৰ...

নতুন দিল্লী, ৬ অক্টোবৰ ঃ কোৰোনা ভাইৰাছ মহামাৰীৰ বাবে যোৱা ৭ মাহে বন্ধ হৈ আছে দেশৰ ছবিগৃহসমূহ। এনেস্থলত এতিয়া কেন্দ্ৰীয় চৰকাৰে সুদীৰ্ঘ ৭ মাহৰ পিছত দেশৰ ছবিগৃহসমূহ ৫০ শতাংশ আসন ক্ষমতাৰে খোলাৰ অনুমতি প্ৰদান কৰিছে। অহা ১৫ অক্টোবৰৰ পৰা ছবিগৃহসমূহ খুলিব পাৰিব। কিন্তু ছবিগৃহৰ মালিকপক্ষই ১০০ শতাংশ আসনৰ পৰিৱৰ্তে ৫০ শতাংশ আসনহে পূৰণ কৰিব পাৰিব। আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে প্ৰকাশ কৰা অনুসৰি ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ আসন ক্ষমতাৰে ছবিগৃহসমূহ খুলিব পাৰিব। ছবিগৃহসমূহত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হ’ব। দৰ্শকসকলে মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এখন আসনৰ পৰা আনখন আসনৰ দূৰত্ব থাকিব লাগিব। ইয়াৰ বাবে আজি চৰকাৰে এছঅ’পি জাৰি কৰিছে।

No comments