Page Nav

HIDE

মাজুলীৰ ভকত চাপৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰ তীব্ৰ খহনীয়াঃ গুৰুত্ব নাই মাজুলী জিলা প্ৰশাসন, ব্ৰহ্মপুত্ৰ বৰ্ডৰ

পৰাণজ্যোতি বৰা, মাজুলী, ১১ অক্টোবৰঃ মাজুলীৰ ভকত চাপৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া।ভকত চাপৰিৰ নতুন চামগুৰি, ভীমপৰাকে আদি কৰি বিভিন...

পৰাণজ্যোতি বৰা, মাজুলী, ১১ অক্টোবৰঃ মাজুলীৰ ভকত চাপৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া।ভকত চাপৰিৰ নতুন চামগুৰি, ভীমপৰাকে আদি কৰি বিভিন্ন ঠাইত চলি আছে এই খহনীয়া। মাজুলী সুৰক্ষাত ব্ৰহ্মপুত্ৰ বৰ্ডে লৰা ধেমালি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি আহিছে মাজুলী দল সংগঠন সমূহে ।ইয়াৰ পাছতো কিন্তু কোনো গুৰুত্ব নাই ব্ৰহ্মপুত্ৰ বৰ্ডৰ।মাজুলীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিছিল ২৩৮ কোটি টকা।এই বৃহৎ পৰিমাণৰ পূজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে ২৭ কি:মি: বেংক ৰিবেন্টমেন্ট আৰু ৪১ খন আৰ.চি.চি পাৰ্কুপাইন নিৰ্মাণৰ বাবে ১৭৮ কোটি টকা নিবিদা আহ্বান কৰি টি: কে: ইঞ্জিনীয়াৰিং  কনচৰটিয়াম নামৰ অৰুণাচলৰ ব্যক্তিগত কোম্পানীক নীতিগত ভাৱে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। 

 সেই অনুসৰি কাম কৰা কোম্পানীতোৱে আজি পৰ্যন্ত মাজুলীৰ সুৰক্ষাৰ কাম শেষ কৰিব নোৱাৰিলে।আনহাতে কাম কৰি থকা স্থানতো খহনীয়া অব্যাহত আছে।মাজুলী সুৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ব্ৰহ্মপুত্ৰ বর্ড আৰু কাম লাভ কৰা টি: কে: ইঞ্জিনীয়াৰিং।মাজুলীৰ ভকত চাপৰিত চলি থকা খহনীয়া আজি প্ৰত্যক্ষ কৰিবৰ বাবে  কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সজাতি দলে উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে প্ৰশাসনক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মাজুলী জিলা প্ৰশাসন ,ব্ৰহ্মপুত্ৰ বৰ্ড তথা মাজুলীত লুণ্ঠন চলোৱা টি.কে  কোম্পানী আজি পৰ্যন্ত গুৰুত্ব নাই বুলি অভিযোগ কৰিছে।