Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফুত ১৬ টা বাঘৰ দাঁতসহ দুজন আটক

গণ বাৰ্তা বিশেষ, ডিফু, ২১ অক্টোবৰ ঃ কাৰ্বি আংলং জিলাত বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহৰ এক চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ ...



গণ বাৰ্তা বিশেষ, ডিফু, ২১ অক্টোবৰ ঃ কাৰ্বি আংলং জিলাত বন্যপ্ৰাণীৰ অংগৰ চোৰাং সৰবৰাহৰ এক চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ অহাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে অভিযান চলাই ১৬টা বাঘৰ দাঁতসহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এক বিশেষ সূত্ৰৰ ভিত্তিত আজি পুৱাৰে পৰা কাৰ্বি আংলং জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফুৰ সমীপৰ বিৰলাত এখন স্কুটীৰ পৰা বাঘৰ দাঁতকেইটা জব্দ কৰে। ডিমা হাছাওৰ পৰা দুজন লোকে ডিফুত বাঘৰ দাঁতকেইটা বিক্ৰীৰ বাবে আনিছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত দুজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত আছে আৰক্ষী।

No comments