Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাবুৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮০ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্নঃ জাতিৰ ৰক্ষাৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে কাম কৰিব লাগিবঃ মুখ্যমন্ত্ৰী সোনোৱাল

গণ বাৰ্তা, চাবুৱা, ডিব্ৰুগড়, ২৮ অক্টোবৰ ঃ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ আদৰ্শৰে পৰিচালিত মটক সমাজ। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ আদৰ্শৰে...

গণ বাৰ্তা, চাবুৱা, ডিব্ৰুগড়, ২৮ অক্টোবৰ ঃ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ আদৰ্শৰে পৰিচালিত মটক সমাজ। মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ আদৰ্শৰে মটকৰ সমাজ জীৱন আগুৱাই গৈছে। নতুন প্ৰজন্মই সৰ্বানন্দ সিঙৰ জীৱন দৰ্শনৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। লগতে আমাৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকে কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮০সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ কয় মটক জনগোষ্ঠীক শক্তিশালী কৰিব বাবে আমি সকলোৱে কাম কৰিব লাগিব। ভক্তিভাবেৰে কাম কৰিলে সকলো কাম সম্ভৱ হৈ পৰে। ভাষণ প্ৰসংগত তেওঁ চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে তেওঁ ত্ৰিনয়ন জ্যোতি সংঘৰ খেলপথাৰ উন্নয়নৰ বাবে ২০ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে। 

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডেভিদ চেতিয়াই। সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰ সেনাপতিয়ে উদ্বোধন কৰা উক্ত সভাত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ বড়াই। সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰণী গোহাঁয়ে প্ৰথমে আঁত ধৰা উক্ত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, আছুৰ প্ৰাক্তন নেতা পুলক গোহাঁই, অসম হাইড্ৰ’কাৰ্বন আৰু শক্তি কোম্পানীৰ অধ্যক্ষ পোনাকণ বৰুৱাই। 

আনহাতে, সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ কৰে ক্ৰমে সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গোহাঁই, সাধাৰণ সম্পাদিকা ৰূপালী গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁই, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, তাকাম মিছিং পৰিণ কেবাঙৰ সভাপতি ৰাজকুমাৰ মৰাং, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, দেউৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ললিত দেউৰীকে ধৰি কে’বাজনো ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

 সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি আনন্দ চেতিয়াই সংগঠনৰ ইতিহাস আঁত ধৰি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতেই উক্ত অনুষ্ঠানতে জননেতা প্ৰয়াত ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে ‘২০২০ বৰ্ষৰ বেংমৰা সমন্বয়ক বঁটা’ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে প্ৰয়াত ভীমবৰ দেউৰীৰ নাতি মনোজ দেউৰীয়ে। তদুপৰি অনুষ্ঠানত বৃহত্তৰ চাবুৱা অঞ্চলৰ বিভিন্ন ক্ষেত্ৰতলৈ আগবঢ়োৱা অৱদানৰ বাবে ক্ৰমে খ্যাতনামা প্ৰকৃতিবিদ কিৰণ গগৈ, বিশিষ্ট কুটীৰ শিল্প মালিয়া গগৈ, শিল্পী পেঞ্চনাৰ হেমন কোঁৱৰ, প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তথা প্ৰশিক্ষক  দেৱজিৎ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰফুল্ল শৰ্মা, কৃতী শিক্ষক নৰেশ্বৰ বৰুৱা, বিশিষ্ট নাট্যকাৰ তথা চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ দিগন্ত দত্ত, আদৰ্শ খেতিয়ক ফুলেশ্বৰ গগৈ, তিনিচুকীয়াৰ চক্ৰ বিষয়া ড০ সঞ্জীৱ ফুকন, ওজা নৰেন্দ্ৰ ৰাজখোৱা, ভাস্কৰ্য শিল্পী ৰাজু ফুকন আৰু ত্ৰিনয়ন জ্যোতি সংঘৰ প্ৰতিষ্ঠাপক সদস্য উৎপল বড়াক সম্বৰ্ধনা জনোৱা হয়।

 উল্লেখ্য যে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু চাবুৱাবাসীৰ ৰাইজৰ সহযোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিনয়ন জ্যোতি সংঘৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি দিনৰ ১২ বজাত বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱা।

No comments