Page Nav

HIDE

ধুবুৰীৰ বাইলেৰ চৰত আৰক্ষীৰ অভিযান, ৯৬টা চোৰাং গৰু জব্দ

গণ বাৰ্তা, বিশেষ, ধুবুৰী, ৪ অক্টোবৰ ঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী দুৰ্গম বাইলেৰচৰ নামৰ এটা চৰাঞ্চলত ধুবুৰী আৰক্ষীৰ এক অভিযানত বাংলাদেশলৈ নদীপথে...

গণ বাৰ্তা, বিশেষ, ধুবুৰী, ৪ অক্টোবৰ ঃ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী দুৰ্গম বাইলেৰচৰ নামৰ এটা চৰাঞ্চলত ধুবুৰী আৰক্ষীৰ এক অভিযানত বাংলাদেশলৈ নদীপথেৰে চোৰাংকৈ নিবলৈ সাজু কৰা দুখনকৈ গৰুভৰ্তি নাও জব্দ হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশানুসৰি ধুবুৰীৰ এম কো ৰোড আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চাণক্য দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে কালি দুৰ্গম বাইলেৰচৰত অভিযান চলাই নদীপথেৰে চোৰাংকৈ বাংলাদেশলৈ নিবলৈ সাজু কৰা দুখন নাৱৰ পৰা ৯৬টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে অঞ্চলটোৰ দুৰ্গমতা আৰু এন্ধাৰৰ সুযোগ লৈ গৰুৰ চোৰাং বেপাৰীকেইজনে পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ। 

উল্লেখ্য যে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে নৱনিযুক্ত আৰক্ষী অধীক্ষক মিশ্ৰৰ নেতৃত্বত শেহতীয়াকৈ গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে অহৰহ অভিযান চলাই থকা সত্ত্বেও জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ একাংশই দি, বিশেষকৈ নদীপথেদি গৰুৰ চোৰাং বেহা চলোৱাৰ প্ৰচেষ্টা এতিয়াও অব্যাহত ৰখালৈ  চাই গৰুৰ চোৰাং বেহা সমূলি উৎখাত কৰিবলৈ হ’লে ধুবুৰীকে ধৰি ইয়াৰ চুবুৰীয়া কেইখনমান জিলাত দীৰ্ঘদিনৰ পৰাই সক্ৰিয় হৈ থকা গৰুৰ চোৰাং বেহাৰ মূল পাণ্ডা বুলি সততে উচ্চাৰিত হোৱা চোৰাং গো-বেপাৰী কেইজনক কৰায়ত্ত কৰাৰ প্ৰয়োজনীয়তা থকা বুলিয়েই মত প্ৰকাশ কৰা দেখা গৈছে স্থানীয় মহল একাংশই।