Page Nav

HIDE

মালিগাঁৱত অসমৰ দীৰ্ঘতম উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন

 ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ ঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ পৰা কামাখ্যা গে’ট অভিমুখী তথা মালিগাঁও আৰু পাণ্ডু সংয...

 ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ ঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মালিগাঁৱৰ পৰা কামাখ্যা গে’ট অভিমুখী তথা মালিগাঁও আৰু পাণ্ডু সংযোগী এখন চাৰিলেনযুক্ত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে। প্ৰস্তাৱিত এই উৰণীয়া সেতুখন মালিগাঁৱৰ পৰা আৰম্ভ হৈ এ টি ৰোডৰ কামাখ্যা মন্দিৰ গে’টত সমাপ্ত হ’ব। সেতুখনৰ এটা বাহু পাণ্ডু ঘাট সংযোগী পথৰ দিশেও সম্প্ৰসাৰণ কৰা হ’ব। ৰাজ্য চৰকাৰৰ ২০২০-২১ বৰ্ষৰ ‘স্ব-অগ্ৰাধিকাৰ পুঁজি’ৰ অধীনত লোকনিৰ্মাণ (পথ) বিভাগে নিৰ্মাণ কৰি কৰিবলগীয়া এই সেতুৰ মুঠ প্ৰকল্প ব্যয় হৈছে ৪২০.৭৫ কোটি টকা। প্ৰায় ৩ কিঃমিঃ দৈৰ্ঘ্যৰ এই সেতুখন নিৰ্মাণ হৈ উঠিলে ই ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণীয়া সেতু হিচাপে পৰিগণিত হ’ব।

 উৰণীয়া সেতুখনৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে গুৱাহাটী মহানগৰীক সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ মূল দুৱাৰডলি হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়নৰ দিশত ৰাজ্য চৰকাৰে অন্যতম আগ্ৰাধিকাৰ প্ৰদান কৰিছে। সময়ৰ লগে লগে গুৱাহাটীৰ জনসংখ্যা বাঢ়ি আহিছে আৰু সেয়েহে মহানগৰীখনক চাৰিওদিশে সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যিক ৰাজধানী অঞ্চল পৰিকল্পনাৰ অধীনত ৰাজ্য চৰকাৰে এই দিশত ইতিমধ্যে বাস্তৱসন্মত আঁচনি গ্ৰহণ কৰিছে। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।