Page Nav

HIDE

টিৰাপ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জেউতি দত্তৰ ৰাজ্য চৰকাৰৰ কৃতি শিক্ষয়িত্ৰী বঁটা লাভ।

লেখাপানী, ১০ অক্টোবৰ :  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত টিৰাপ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জেউতি দত্তই অসম চৰকাৰৰ...



লেখাপানী, ১০ অক্টোবৰ :  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অন্তৰ্গত টিৰাপ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জেউতি দত্তই অসম চৰকাৰৰ কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৫ ছেপ্টেম্বৰত  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত অসম চৰকাৰৰ তৰফৰ পৰা জেউতি দত্তক এই বঁটা প্ৰদান কৰা হয়। আজি টিৰাপ প্ৰাথমিক শিক্ষা কেন্দ্ৰ ও শৈক্ষিক উত্তৰণ সভাৰ তৰফৰ পৰাও টিৰাপ প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী জেউতি দত্তৰ এই সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা গ্ৰহণ কৰি জেউতি দত্তই সংবাদ মাধ্যমৰ যোগেদি জনাই যে টিৰাপ দৰে এখন পিছপৰা ঠাইত কণ কণ ছাত্ৰ-ছাত্ৰী সকলক একো একোজন মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ চেষ্টাত নিজকে আত্মনিয়োগ কৰিবলৈ পাই নিজকে ধন্য মানিছো, লগতে শিক্ষকতাৰ দৰে এক মহান বৃত্তিত সেৱা আগবঢ়াই অসম চৰকাৰৰ দ্বাৰা সন্মানিত হৈ গৌৰৱ অনুভৱ কৰিছো।সংবাদ মাধ্যমৰ যোগেদি আজিৰ এই শুভ ক্ষণত অসম চৰকাৰ তথা সকলো শুভাকাংক্ষীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ( লেখাপানীৰ পৰা শৰৎ গগৈ )