Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১৫ ডিচেম্বৰৰ ভিতৰত বিটিচিৰ নিৰ্বাচন সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ : গো-শালাসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দেল কঁকালত টঙালি বান্ধি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ :  বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দেল কঁকালত টঙালি বান্ধি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। বিটিচি দখলৰ লক্ষ্যৰে সকলো ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰিবলৈ বহু প্ৰলোভন দিবলৈ আৰম্ভ কৰিছে। কোৰোনা মহামাৰীৰ বাবে স্থগিত হৈ থকা বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ আজি ৰাজ্যিক কেবেনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবে মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়। লগতে বিটিচি নিৰ্বাচন প্ৰক্ৰিয়া ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্ৰী পিৰষদৰ বৈঠকত গৰু খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে গো-শালাসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা আৰক্ষী কনিষ্টবল ৰমেন দাসৰ নিকটাত্মীয়লৈ দহ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। 

মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হ’বলগীয়া বালি, ষ্টিল, বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰয়েল্টী আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়। মাজুলী সংযোগী দলঙৰ এপ্ৰ’চ পথৰ বাবে ভূমি অধিগ্ৰহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ দিশতো আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকে অনুমোদন জনায়।

No comments