Page Nav

HIDE

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ‘ষ্টাছ’ কাৰ্যক্ৰমক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ ঃ বিশ্ববেংকৰ সহায়ত ছখন ৰাজ্যত চলাব এই কাৰ্যক্ৰম

নতুন দিল্লী, ১৪ অক্টোবৰ ঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তৈয়াৰ কৰা ষ্ট্ৰেংদেনিং টীচিং-লাৰ্নিং এণ্ড ৰিজাŒটছ ফৰ ষ্টেট্‌ছ (ষ্টাৰ্ছ) কাৰ্যক্ৰমত আজি...

নতুন দিল্লী, ১৪ অক্টোবৰ ঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তৈয়াৰ কৰা ষ্ট্ৰেংদেনিং টীচিং-লাৰ্নিং এণ্ড ৰিজাŒটছ ফৰ ষ্টেট্‌ছ (ষ্টাৰ্ছ) কাৰ্যক্ৰমত আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। এই কাৰ্যক্ৰমক কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছতেই ছখন ৰাজ্যত ষ্টাৰ্ছ কাৰ্যক্ৰম বলৱৎ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সংবাদমেল সম্বোধন কৰি কয় যে কেবিনেটে শিক্ষানীতিক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কেবিনেটে ষ্টাৰ্ছ কাৰ্যক্ৰমক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় শিক্ষানীতিলৈ আহিব এক আমূল পৰিৱৰ্তন। এতিয়াৰে পৰা মুখস্থবিদ্যাৰে নহয়, বিষয়বস্তুৰ ওপৰত জ্ঞান লাভ কৰি শিকিব লাগিব। 

এই কাৰ্যক্ৰম আৰম্ভণিতে বিশ্ববেংকৰ সহযোগত ছখন ৰাজ্যত চলোৱা হ’ব। এই ছখন ৰাজ্যৰ ভিতৰত আছে হিমাচল প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কেৰালা আৰু উৰিষ্যা। এই কাৰ্যক্ৰমৰ বাবে বিশ্ববেংকৰ সহায়েৰে ৫,৭১৮ কোটি টকা ব্যয় কৰা হ’ব। ইয়াৰ উপৰি আজি কেন্দ্ৰীয় কেবিনেটে জম্মু-কাশ্মীৰ আৰু লাডাখলৈ বিশেষ পেকেজৰ অনুমোদন জনাইছে। কেন্দ্ৰীয় শাসিত প্ৰদেশ জম্মু-কাশ্মীৰ আৰু লাডাখত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান  দীনদয়াল অন্ত্যোদয়া আঁচনিৰ অধীনত ৫২৯ কোটি টকাৰ বিশেষ পেকেজৰ অনুমোদন জনাইছে। ইয়াৰ বাবে জম্মু-কাশ্মীৰ, লাডাখৰ লোকসকল উপকৃত হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।