Page Nav

HIDE

ৰৌতাত বিজু ৰাভাৰ বিজয় নিশ্চিত - নৱ শৰণীয়া বিটিচিত মুখ থেকেচা খাব বিজেপিয়েঃ নৱ শৰণীয়াৰ বিস্ফোৰণ

গণ বাৰ্তা বিশেষ, ১৭ অক্টোবৰ ঃ বিটিচি পৰিষদ দখলৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন  গণ সুৰক্ষা পাৰ্টী।  সেই উদ্দেশ্যৰে  সা...

গণ বাৰ্তা বিশেষ, ১৭ অক্টোবৰ ঃ বিটিচি পৰিষদ দখলৰ বাবে তৎপৰ হৈ পৰিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন  গণ সুৰক্ষা পাৰ্টী।  সেই উদ্দেশ্যৰে  সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰচাৰ অভিযান চলায় ৰৌতা পৰিষদীয় সমষ্টিত। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদজনে গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বতে বিটিচিত পৰিষদ গঠন হ’ব বুলি দাবী কৰাৰ লগতে তীব্ৰ সমালোচনা কৰে বিজেপি আৰু বিপিএফক। সাংসদজনে বিপিএফ দল নিজৰ ভুলৰ বাবে নিঃশেষ হৈ গ’ল বুলি মন্তব্য কৰাৰ লগতে বিপিএফে উন্নয়ন কম, দুৰ্নীতি বেছি কৰিছে বুলি সমালোচনা কৰে। সাংসদজনে অবড়োৰ ভোট লৈ অবড়োৰ বাবে  বিপিএফ দলে একো  নকৰাৰ অভিযোগ কৰি বিপিএফে বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰে, দুই-তিনিখন আসন লৈ ছাইড এক্টৰহে হ’ব পাৰিব বুলিও দলটোক কটাক্ষ কৰে। আনহাতে বিজেপি দলকো তীব্ৰ সমালোচনা কৰে সাংসদ নৱ শৰণীয়াই।

 বিজেপি দলে বড়ো-অবড়োৰ খেলটো পাম দিয়াৰ কাম কৰিছে বুলি অভিযোগ কৰি বিজেপিয়ে বিটিচিৰ নিৰ্বাচনত মুখথেকেচা খাব বুলিও মন্তব্য কৰে। ইপিনে হিমন্ত বিশ্ব শৰ্মাই বিটিচিত বিজেপিৰ চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  বিজেপি দলে ফিক্সিং কৰিলেহে  চৰকাৰ গঠন কৰিব পাৰিব বুলিও বিস্ফোৰক মন্তব্য কৰে নৱ শৰণীয়াই। বিজেপিয়ে বেলট বাকচ ইফাল-সিফাল কৰিব বুলিও সন্দেহ  কৰে সাংসদজনে। ৰৌতা পৰিষদীয় সমষ্টিত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী বিজু শংকৰ ৰাভাৰ বিজয় ২০০ শতাংশ নিশ্চিত বুলিও দাবী কৰে নৱ শৰণীয়াই। এই প্ৰচাৰ অভিযানত দলটোৰ নেতা ব্ৰজেন মহন্তৰ লগতে বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে।