Page Nav

HIDE

যুৱ নেতা লক্ষ্য কোঁৱৰে নিৰ্মান কৰিলে মাৰ্ঘেৰিটাৰ ফানেঙ গাঁৱৰ জৰাজীৰ্ণ পথ

লেখাপানী , ১০  অক্টোবৰ :  আৰু কিমান বঞ্চিত হব জনগোষ্ঠীয় লোক সকল । উন্নয়নৰ পথ দেখা নাই জনগোষ্ঠীয় লোক সকলে । স্বাধীনত্ব ৭৩ বছৰৰ পাছতো জৰাজীৰ্ণ...


লেখাপানী , ১০  অক্টোবৰ :  আৰু কিমান বঞ্চিত হব জনগোষ্ঠীয় লোক সকল । উন্নয়নৰ পথ দেখা নাই জনগোষ্ঠীয় লোক সকলে । স্বাধীনত্ব ৭৩ বছৰৰ পাছতো জৰাজীৰ্ণ যাতায়তৰ পথে জলাকলা খুৱাইছিল জন সাধাৰণক । অৱশেষত মুখত হাঁহি বিৰিঙিল জনসাধাৰণৰ , অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে স্থানীয় ৰাইজৰ সহযোগত নিৰ্মান কৰিলে জৰাজীৰ্ণ পথটো ।  মাৰ্ঘেৰিটা মহকুমাৰ জাগুন গাঁও পঞ্চায়তৰ ১ নং ফানেঙৰ পৰা কেনিয়াৰ প্ৰায় ৩ কিলোমিটাৰ সংযোগী পথৰ দুৰৱস্থাই স্তব্ধ হৈ পৰিছিল যাতায়ত । প্ৰায় ছয় খন গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰ , ভোট কেন্দ্ৰ , বিদ্যালয়, আংনবাদী কেন্দ্ৰৰ লগতে তাই ফাকে সকলৰ ঐতিহ্য মণ্ডিত বৌদ্ধ বিহাৰ পয্যটক প্ৰকল্প কেন্দ্ৰ, বেপাৰ বাণিজ্য, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ যাতায়ত কৰা পথটো জৰাজীৰ্ণই আগুৰি ধৰিছিল । অৱশেষত যুৱ নেতা লক্ষ্য কোঁৱৰৰ প্ৰচেষ্টাত গাঁও বাসীয়ে নিৰ্মান কৰিলে জৰাজীৰ্ণ পথটো । ফানেঙ গাঁৱৰ ৰাইজৰ যাতায়তৰ দুখ দুৰ্গতি দূৰ কৰিবলৈ সক্ষম হোৱাত লক্ষ্য কোঁৱৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে অঞ্চল বাসীয়ে । ( লেখাপানীৰ পৰা শৰৎ গগৈ  )