Page Nav

HIDE

কাৰবি আংলঙত আৰক্ষীৰ সৈতে সংঘৰ্ষত ইউপিআৰএ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত

গণ বাৰ্তা বিশেষ, ডিফু, ৬ অক্টোবৰ ঃ যোৱা আগষ্ট মাহত কাৰবি আংলঙৰ টকৌলাংছৰ নান্দনিক পৰিৱেশৰ মাজত থকা জলপ্ৰপাতৰ কাষত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ ...

গণ বাৰ্তা বিশেষ, ডিফু, ৬ অক্টোবৰ ঃ যোৱা আগষ্ট মাহত কাৰবি আংলঙৰ টকৌলাংছৰ নান্দনিক পৰিৱেশৰ মাজত থকা জলপ্ৰপাতৰ কাষত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু সংগীয় কেডাৰসহ মুক্ত বিচৰণ কৰা মাৰ্টিন গুইটে যোৱানিশা কাৰবি আংলং আৰক্ষীৰ হাতত ধৰাশায়ী হৈ প্ৰাণ দিবলগীয়া হয় ।  প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত যোৱানিশা কাৰবি আংলং আৰক্ষীৰ এক অভিযানকাৰী দলে সিংহাসন পাহাৰৰ জলিয়াঙত এক দু:সাহসিক অভিযান চলায় । নিশা ইউপিআৰএ আৰু অভিযানকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলে। পুৱাৰ ভাগত ঘটনাস্থলীত এটি মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটি পিছত ইউপিআৰএৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে বুলি চিনাক্ত কৰা হয় । ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ পিষ্টলসহ চাৰিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । 

মাৰ্টিন গুইটেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গলৈ অনাৰ পিছত কাৰবি আংলং জিলা আৰক্ষীৰ হৈ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই সাংবাদিকসকলক সম্বোধন কৰি কয় যে  গোটেই নিশা সিংহাসন পাহাৰৰ ঘন অৰণ্যত উগ্ৰপন্থী সংগঠনটোৰ  সৈতে আৰক্ষীৰ গুলীয়াগুলী হৈছিল আৰু পুৱা পোহৰত মাৰ্টিন গুইটেৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল । মৃত গুইটে ইউকেডিএ নামৰ উগ্ৰপন্থী সংগঠনেৰে আত্মপ্ৰকাশ কৰি পিছলৈ ইউপিআৰএ নামৰ আন এটা উগ্ৰপন্থী সংগঠন খুলি নিজে সেনাধ্যক্ষ হৈছিল । সংগঠনটোত প্ৰায় ২০জন কেডাৰ থাকিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে।