Page Nav

HIDE

বিটিআৰৰ পৰিষদীয়-বিধানসভা নিৰ্বাচনৰ বাবে সাজু বিজেপি ঃ বিজেপি, অসম প্ৰদেশ অনুসূচিত জনজাতি মৰ্চাৰ সভাত ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি বিটিআৰ অঞ্চলৰ ৰাইজৰ বৰ্দ্ধিত উৎসাহ-উদ্দীপনা-সঁহাৰিক সাৰথি কৰি, ক্ৰমবৰ্দ্ধি...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি বিটিআৰ অঞ্চলৰ ৰাইজৰ বৰ্দ্ধিত উৎসাহ-উদ্দীপনা-সঁহাৰিক সাৰথি কৰি, ক্ৰমবৰ্দ্ধিত সাংগঠনিক ভেটিৰ সহায়ত বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ কাৰণে বিজেপি সাজু হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সমাগত পৰিষদীয় নিৰ্বাচনৰ লগতে অহাবছৰ অনুষ্ঠিত হ’ব লগা বিধানসভা নিৰ্বাচনত বিটিআৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে কোকৰাঝাৰবাসী ৰাইজৰ লগতে বিটিআৰৰ সমূহ ৰাইজৰ বিশেষ সহায় কামনা কৰি বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে দলৰ কাৰ্যকৰ্তাসকলক নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে এই আহ্বান জনাই কয় যে বিজেপিক প্ৰতিৰোধ কৰিবৰ ক্ষমতা কোনো বিৰোধী দলৰ নাই; আছে কেৱল স্বাভিমানী অসমীয়া ৰাইজৰহে। এটাৰ পাছত আনটো নিৰ্বাচনত ধাৰাবাহিক বিজয়ে প্ৰমাণ কৰিছে যে অসমবাসী ৰাইজ বিজেপিৰ স’তে আছে, সেয়ে বিজেপি অপ্ৰতিৰোধ্য। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় আবেলি দুই বজাত পতাকা উত্তোলনেৰে। সভাপতিৰ উদ্বোধনী ভাষণৰ আগতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলেই নিজৰ ভাষণত চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যাবৰ আহ্বান জনায়। এই প্ৰতিবেদন যুগুতৰ সময়ত ভাজপা-অসম প্ৰদেশৰ সম্পাদক দীপুৰঞ্জন শৰ্মা ডাঙৰীয়াই দ্বিতীয় অধিৱেশনৰ বক্তব্য আৰম্ভ কৰিছে । ভাজপা, অসম প্ৰদেশৰ উপ-সভাপতি তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই তৃতীয় অধিৱেশন, বিজেপি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়াই চতুৰ্থ অধিৱেশন, বিজেপি, অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই পঞ্চম অধিৱেশন আৰু ৰাজ্যৰ মাননীয় বিত্ত, লোক নিৰ্মাণ, শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ অধিৱেশন সম্বোধন কৰিব। ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বড়োসকলৰ উপাস্য ‘বাথৌ দেৱতা’ৰ পূজা আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আজিৰ কাৰ্যসূচীৰ পাতনি মেলাৰ পাছতে সভাৰ সূচী অনুসৰি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, মাতৃ বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠান সমাপন হোৱাৰ পাছত শোক প্ৰস্তাৱ পাঠ কৰা হয় বুলি সভাপতিৰ প্ৰচাৰ সচিব প্ৰণৱ শইকীয়া স্বাক্ষৰিত বিবৃতিত প্ৰকাশ। সভাত ভাষণ আগবঢ়াই ইউনাইটেড্‌ বড়ো পিপলছ্‌ অৰ্গেনাইজেচনৰ প্ৰাক্তন সভাপতি, অলপতে ভাৰতীয় জনতা পাৰ্টীত যোগ দিয়া বড়ো নেতা মিহিনেশ্বৰ বসুমতাৰীয়ে বিজেপিয়ে জনজাতি ৰাইজৰ আশা পূৰণ কৰাৰ বাবেই বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে। আজিৰ সভাত সভাপতিত্ব কৰে বিজেপি, অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি হৰেন দেউৰীয়ে। আজিৰ অনুষ্ঠানত ডিমাছা, সোণোৱাল-কছাৰী, ঠেঙাল কছাৰী, দেউৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ লগতে ইউনাইটেড্‌ বড়ো পিপল্‌ছ অৰ্গেনাইজেচনৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত থাকে।