Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন পলাতক অক্ষŽয় চান্দ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ এছ আই কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। ফাদিল হৈছে ন ন তথ্য। আৰু তাৰ মাজতে দীৰ্ঘদিনে আত্মগোপন কৰি থকা অক্ষ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ অক্টোবৰ ঃ এছ আই কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য। ফাদিল হৈছে ন ন তথ্য। আৰু তাৰ মাজতে দীৰ্ঘদিনে আত্মগোপন কৰি থকা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দৰ ওলাইছে সন্ধান। সোমবাৰৰ পৰা মহানগৰীৰ মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হৈ আছে আত্মগোপন কৰি থকা অক্ষয় চান্দ। দুদিন পূৰ্বে অক্ষয়ৰ বঙাইগাঁৱৰ বাসগৃহত চলাইছিল অভিযান। গুৱাহাটীৰ পৰা যোৱা চিআইডিৰ দলে অক্ষয় চান্দক বিচাৰি উপস্থিত হৈছিল বঙাইগাঁৱত। তদন্তকাৰী দলে সুকীয়া সুকীয়াকৈ অক্ষয় চান্দৰ বাসগৃহত অভিযান চলাইছিল। অভিযানকাৰী দলৰ অভিযানত জব্দ হৈছিল জাপে জাপে টকাৰ উপৰি বহু আপত্তিজনক সামগ্ৰী। এই তদন্ত চলি থকাৰ মাজতে সোমবাৰে ৰহস্যজনকভাৱে মহানগৰীৰ মাৰোৱাৰী হাস্পতালত চিকিৎসাধীন হয় দীৰ্ঘদিনে আত্মগোপন কৰা অক্ষয় চান্দ। বমি, ভৰিৰ বিষত চিকিৎসালয়ত ভৰ্তি হৈছে অক্ষয়। চিকিৎসকৰ মতে স্বাস্থ্যজনিত কোনো জটিলতা নাই চান্দৰ। সম্ভৱতঃ অচিৰেই ৰিলিজ ল’ব পাৰিব অক্ষয়ে। পিছে ৰহস্যজনকভাৱে দীৰ্ঘদিনে আত্মগোপন কৰা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দৰ তথ্য লাভ কৰাৰ পিছতো হাস্পতাললৈ এবাৰলৈও নাহিল আৰক্ষী। মূলতঃ অক্ষয় চান্দ আৰক্ষীৰ জালত গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত।

No comments