Page Nav

HIDE

যোৰহাটত উজনি অসমৰ নন গ্রেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল ; মেধাৰ ভিত্তিত নিযুক্তি দাবী প্ৰাৰ্থীসকলৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ অক্টোবৰ :   মেধাৰ ভিত্তিত উত্তীণ হোৱা প্ৰাৰ্থীসকলক শিক্ষাবিভাগত নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ  দাবী কৰে নন গ্ৰেছ মাধ...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১২ অক্টোবৰ :   মেধাৰ ভিত্তিত উত্তীণ হোৱা প্ৰাৰ্থীসকলক শিক্ষাবিভাগত নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ  দাবী কৰে নন গ্ৰেছ মাধ্যমিক টেট উত্তীণ উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰাৰ্থীসকলে   । আজি যোৰহাট প্ৰেছ ক্লাৱত সংবাদমেল সম্বোৰ্ধন কৰি এই দাবীৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰে । কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বার্তাত প্ৰাৰ্থীসকলে কয় যে  ৭৪১৭ গৰাকী পৰীক্ষাৰ্থীয়ে গেছ নম্বৰ নোপোৱাকৈ সম্পূৰ্ণ মেধাৰ ভিত্তিত মাধ্যমিক টেট  পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কিন্তু ফেল কৰা শিক্ষাৰ্থীক কিয় গেছ নম্বৰ দি পাছ কৰাচিছিল বুলি প্ৰশ্ন  কৰিছে । আৰু এই গেছ নম্বৰ দিয়া সন্দৰ্ভতো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে । যিহেতু বিভাগীয় কৰ্তৃপক্ষই নিজ ইচ্ছাৰে এক উপহাৰ ৰূপে এচামক গ্ৰেছ নম্বৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে ।কিন্তু এই অভিযোগ এতিয়া  আদালতৰ মজিয়া পালেগৈ । লগতে তেওঁলোকে দাবী কৰে যে মাধ্যমিক টেটৰ বিজ্ঞাপনত উল্লেখ কৰা মতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে টেটৰ দুয়োখন কাকত ৬০% নম্বৰ পালেহে যোগ্য বুলি বিবেচিত হব আৰু অ বি, চি/ এছ টি/ এছ চি প্ৰাৰ্থীসকলে দুয়োখন পেপাৰত ৫৫% পালেহে যোগ্য বুলি বিবেচিত হব । তেনে স্থলত বিভাগীয় কৰ্তৃপক্ষই একো জাননী নিদিয়াকৈ যি সকল প্ৰাৰ্থী উত্তীৰ্ন হোৱা নাছিল ,সেইহকলক কিয় উপহাৰ নম্বৰৰ দি পাছ কৰালে বুলি প্ৰশ্ন কৰিছে । পূৰ্বৰ নিয়মৰ বিপৰীতে  এই বৰ্ষৰ মাধ্যমিক স্কুল শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা বুলি উল্লেখ কৰিছে । আনহাতে ৰাজ্যৰ শিক্ষামন্ত্রীয়ে ৭৪৪০ টা পদ ঘোষনা কৰাৰ পাছত বিজ্ঞাপন প্ৰকাশৰ সময়ত পদৰ সংখ্যা কিয় ৫৭৪৬ টালৈ হ্ৰাস কৰা হল বুলি প্ৰেছ বাৰ্তাত উল্লেখ কৰে ।