Page Nav

HIDE

২০২১ ত দেশজুৰি অভাৱ হ’ব নিমখৰঃ প্ৰবল বৰষুণ-লকডাউনৰ বাবে উৎপাদন হ্ৰাস

আহমেদাবাদ, ৪ অক্টোবৰ ঃ ২০২১ৰ আৰম্ভণিৰে পৰাই ভাৰতীয় বজাৰত নিমখৰ অভাৱে দেখা দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ বাবে দেশৰ প্ৰতিগৰাকী লোক প্ৰভাৱিত হোৱাৰ স...

আহমেদাবাদ, ৪ অক্টোবৰ ঃ ২০২১ৰ আৰম্ভণিৰে পৰাই ভাৰতীয় বজাৰত নিমখৰ অভাৱে দেখা দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ বাবে দেশৰ প্ৰতিগৰাকী লোক প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। যোৱা দুটা বছৰ ধৰি অত্যধিক বৰষুণ আৰু ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনে নিমখ উৎপাদনত প্ৰভাৱ পেলাইছে। যাৰ বাবে ২০২১ৰ পৰা দেশৰ বজাৰত নিমখৰ অভাৱ ঘটা দেখা যাব পাৰে। প্ৰবল বৃষ্টিপাত আৰু লকডাউনৰ বাবে গুজৰাটত নিমখ উৎপাদন হ্ৰাস পাইছে। ইয়াৰ বাবেই দেশৰ বজাৰত নিমখৰ অভাৱে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট কৰিছে নিমখ উৎপাদকসকলে। গুজৰাটৰ নিমখ উৎপাদন বেয়াকৈ প্ৰভাৱিত হৈছে। 

যি ভাৰতৰ সবাতোকৈ বৃহৎ আৰু বিশ্বৰ সবাতোকৈ ডাঙৰ উৎপাদকৰ ভিতৰত এটা। ২০১৮-১৯ত ভাৰতত ৩০০ লাখ টন নিমখ উৎপাদন কৰা হৈছিল। ইণ্ডিয়ান চালাট মেনিফেক্সাৰ্ছ এছ’চিয়েচনৰ অধ্যক্ষ বিচি ৰাৱলে প্ৰকাশ কৰা অনুসৰি গুজৰাটত ২৬০ লাখ টনহে নিমখ উৎপাদন হৈছে। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত নিমখ উৎপাদন ৩৫ শতাংশ হ্ৰাস পাইছে। ইয়াৰ কাৰণ স্বৰূপ প্ৰবল বৰষুণ আৰু লকডাউন। ভাৰত বিশ্বৰ নিমখ উৎপাদনত তৃতীয় স্থানত আছে। ভাৰতৰ গুজৰাট, তামিলনাডু, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত উৎপাদন কৰা হয়। ভাৰতৰ মুঠ নিমখ উৎপাদনৰ ৭৬ শতাংশ কেৱল গুজৰাটতেই উৎপাদন হয়।