Page Nav

HIDE

ছাত্ৰ মুক্তিৰ উদ্যোগত আমগুৰিত হাফ মাৰথান প্ৰতিযোগিতা

গণ বার্তা, আমগুৰি ১৩ অক্টোবৰ : আজি শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এখনি হাফ মাৰথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ...


গণ বার্তা, আমগুৰি ১৩ অক্টোবৰ : আজি শিৱসাগৰ জিলাৰ আমগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এখনি হাফ মাৰথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উক্ত খেল খনত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমনি হাজৰীকাই পুৱা ৫ বজাত প্ৰতিযোগী সকলক শুভেচ্ছা জনাই প্ৰতিযোগিতা খনৰ শুভাৰাম্ভ কৰে।প্ৰতিযোগিতা খনত ল'ৰা শাখাৰ প্ৰথম স্থান বিজয় ডেকা,দ্বিতীয় স্থান ধৰ্মেশ্বৰ গঞ্জু,তৃতীয় স্থান তীখেশ্বৰ কুৰ্মী আৰু ছোৱালী শাখাৰ প্ৰথম স্থান সুমিত্ৰা ওৰাং,দ্বিতীয় স্থান মনিষা দাস,তৃতীয় স্থান পিংকী ঘাটোৱাৰে লাভ কৰিবলৈ সক্ষম হয়।প্ৰতিযোগিতা খনৰ সফল সামৰণি পৰাৰ আধা ঘণ্টাৰ পাছতেই বঁ‌টা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়।উক্ত প্ৰতিযোগিতা খনত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলা কাৰ্যকৰী সভাপতি পল্লৱ শইকীয়া,আমগুৰি আঞ্চলিকৰ উপদেষ্টা ৰিতু চেতিয়া,সভাপতি ৰবীন হাজৰীকা,ৰণ্টু শইকীয়া,উপসভাপতি শ্যামল গগৈ,কাৰ্যকৰী সভাপতি আব্দুল মাজিদ আহমেদ,যুটীয়া সম্পাদক প্ৰীতম বৰুৱা,টুলু চেতিয়া ৰ লগতে আঞ্চলিকৰ সকলো বিষয়ববীয়া উপাস্থিত থাকে।