পেৰিছ, ১ অক্টোবৰ ঃ বছৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট পেৰিছত দেওবাৰৰ আয়োজন হৈছে। গ্ৰেণ্ড শ্লেম ফ্ৰেন্স অ’পেনৰ মেচসমূহ আৰম্ভণিৰে পৰা আকৰ...
পেৰিছ, ১ অক্টোবৰ ঃ বছৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট পেৰিছত দেওবাৰৰ আয়োজন হৈছে। গ্ৰেণ্ড শ্লেম ফ্ৰেন্স অ’পেনৰ মেচসমূহ আৰম্ভণিৰে পৰা আকৰ্ষণীয় হৈ পৰিছে। কোনোৱে যদি প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ ফ্ৰেন্স অ’পেনৰ পৰা দুঃখ মনৰে আঁতৰিব লগা হৈছে, আন কোনো আনন্দৰে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। সুখ- দুঃখ, হাঁহি- কান্দোনৰ মাজত ফ্ৰেন্স অ’পেনৰ প্ৰতিখন মেচ অনুষ্ঠিত হৈ আছে। ইয়াৰ মাজতে ফ্ৰেন্স অ’পেনৰ তিনিবাৰৰ চেম্পিয়ন আমেৰিকাৰ ছেৰেনা উইলিয়ামছে এই গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টৰ পৰা আঁতৰি আহিছে। আঘাতৰ বাবে তেওঁ ফ্ৰেন্স অ’পেনৰ পৰা আঁতৰি আহিছে।
৩৯ বছৰীয়া ছেৰেনাই দ্বিতীয় ৰাউণ্ডৰ মেচত অংশ লোৱাৰ পূৰ্বে ফ্ৰেন্স অ’পেনৰ পৰা আঁতৰাৰ ঘোষণা কৰে। বুধবাৰে নিশা তেওঁ দ্বিতীয় ৰাউণ্ডৰ মেচত অংশ ল’বলগীয়া আছিল, কিন্তু তাৰ পূৰ্বে আঁতৰৰ ঘোষণা কৰে। দ্বিতীয় ৰাউণ্ডত তেওঁৰ সৈতে বুলগৰীয়ৰ টছভেটন পিৰনকোভাৰ মেচ আছিল। তেওঁ দীৰ্ঘ সময়ৰ পৰা আঘাতৰ সৈতে যুজঁ দি আছে। যাৰ বাবে তেওঁ বহু টুৰ্ণামেণ্টত অংশ লোৱাৰ পৰা বিৰত আছিল। গ্ৰেণ্ড শ্লেম ইউ এছ অ’পেনত নিৰাশজনক প্ৰদৰ্শন দাঙি ধৰা ছেৰেনাই ফ্ৰেন্স অ’পেনৰ প্ৰথম ৰাউণ্ডত সোমবাৰে আমেৰিকাৰে কৃষ্টি আহনক ৭-৬ (৭-২) ৬-০ ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছিল।
No comments