Page Nav

HIDE

উদীয়মান কণ্ঠশিল্পী কাশ্মীৰী পাঠক আৰু অনুভৱ দত্তৰ দৃশ্য-শ্ৰব্য গীত ‘বাটৰুৱা বতাহে’ মুকিল VIDEO

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত উদীয়মান কণ্ঠশিল্পী কাশ্মীৰী পাঠকে অসমবাসীক উপহাৰ দিলে এক নতুন দৃশ্য-শ্ৰব্য গীতৰ। অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ...

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত উদীয়মান কণ্ঠশিল্পী কাশ্মীৰী পাঠকে অসমবাসীক উপহাৰ দিলে এক নতুন দৃশ্য-শ্ৰব্য গীতৰ। অসমৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ এক চিনাকি নাম হৈ পৰা তথা ৰাজ্যবাসীৰ মৰম-চেনেহ বুটলিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী কাশ্মীৰী পাঠকে সোমবাৰে গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলত আনুষ্ঠানিকভাৱে মুকলি কৰে তেওঁৰ নতুন দৃশ্য-শ্ৰব্য গীত ‘বাটৰুৱা বতাহে’। অসমৰ সংগীত জগতৰ বিশিষ্ট সংগীতকাৰ-গীতিকাৰ পলাশ সূৰ্য গগৈৰ কথা-সুৰ-সংগীতেৰে সজোৱা গীতটি কাশ্মীৰীয়ে অসমবাসীলৈ কঁহুৱা ফুলৰ শাৰদীয় বতৰত উপহাৰ দিছে।

 


এই গীতত অভিনয় কৰিছে ‘অহেতুক’ খ্যাত গুঞ্জন ভৰদ্বাজ আৰু লিভা মিছ ইণ্ডিয়া মালেইশ্যা কাশ্যপে। অসমৰ মনোমোহা ঠাইত দৃশ্য গ্ৰহণ কৰা এই দৃশ্য-শ্ৰব্য গীতটো ৰাজ্যবাসীয়ে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে কাশ্মীৰী পাঠকে। গীতটো ছ’চিয়েল মিডিয়াত মুকলি কৰি দিয়াৰ পিছতে ৰাজ্যবাসীৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। এই গীতটিত গুঞ্জন ভৰদ্বাজৰ উপৰি মালেইশ্যা কাশ্যপৰ লগত অভিনয় কৰিছে কাশ্মীৰী আৰু সৌৰভ হাজৰিকাই। দৃশ্য গ্ৰহণত সহায় কৰিছে অম্লানজ্যোতি ৰাজখোৱাই। এ ভি ৰেড ষ্টুডিঅ’ত গীতটি বাণীবদ্ধ কৰিছে পিংকু দাসে। দ্বৈত কণ্ঠৰ এই গীতটিত কাশ্মীৰীৰ সৈতে সহযোগিতা আগবঢ়াইছে নতুন প্ৰজন্মৰ উদীয়মান শিল্পী অনুভৱ দত্তই৷ 


[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]