Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত কভিড ১৯ত মৃত্যু আৰক্ষী বিষয়া। যোৰহাটত আক্ৰান্তৰ সংখ্যা ৯৭৯০লৈ বৃদ্ধি

গণ বার্তা, যোৰহাট, ২ অক্টোবৰঃ কভিড ১৯ত আক্ৰান্ত হৈ আজি বিয়লি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় তিতাবৰ বান্দৰচলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰা...





গণ বার্তা, যোৰহাট, ২ অক্টোবৰঃ কভিড ১৯ত আক্ৰান্ত হৈ আজি বিয়লি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় তিতাবৰ বান্দৰচলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চানন গগৈ। পৰিয়ালৰ লোকে জনোৱা মতে বিগত ২৯ চেপ্তেম্বৰত কভিড আক্রান্ত আৰক্ষী বিষয়াজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল। কিন্তু আজি অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে গগৈৰ মৃত্যু ঘটে। প্ৰায়ত পঞ্চানন গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ চাৰিঙৰ বাৰুৱাতী গাঁৱত। আনহাতে আজি যোৰহাট জিলাত কভিড ১৯ত ৯৬ জন লোক আক্ৰান্ত হয় । বৰ্তমানলৈকে যোৰহাটত ৯৭৯০ জন ব্যক্তি কভিড ১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮২১০ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে। বৰ্তমান যোৰহাটত ১৪৯৩ জন ৰোগী কভিড ১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু ৩৭ জন আক্ৰান্তৰ ইতিমধ্যে মৃত্যু ঘটিছে। ঋতুৰাজ ফুকন, যোৰহাট )

No comments