Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেশ কঁপাই যোৱা ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদান: সঞ্জয় ৰাজোৱাৰক ফাচিৰ নিৰ্দেশ

২৪ জনক যাৱতজীৱন কাৰাদণ্ড গণবাৰ্তা বিশেষ, যোৰহাট, ২০ অক্টোবৰ :  সমগ্ৰ দেশ কপোৱা টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ অ...

২৪ জনক যাৱতজীৱন কাৰাদণ্ড


গণবাৰ্তা বিশেষ, যোৰহাট, ২০ অক্টোবৰ :  সমগ্ৰ দেশ কপোৱা টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ অপৰাধীক আজি শাস্তি ঘোষনা কৰে যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। আশা কৰা মতেই ঘটনাৰ মুল অপৰাধী হিচাপে আদালতে চিনাক্ত কৰা সঞ্জয় ৰাজোৱাৰক ফাচিৰ নিৰ্দেশ দিয়ে আদালতে| আনহাতে আন ২৪ জনক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে| যোৱা ১২ অক্টোবৰত দেশ কপাই যোৱা হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান কৰিছিল যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবীন ফুকন আদলতে| আজি শাস্তি ঘোষনা কৰা পাছতে স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰে মৃত চিকিৎসক দত্তৰ পৰিয়ালবৰ্গৰ লগতে ৰাইজ| উল্লেখযোগ্য যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত সকলৰ মাজৰ ২৫ জনক ঘটনাৰ লগত দোষী সাব্যস্ত কৰা বিপৰীতে ৬ জনক নিৰ্দোষী ঘোষনা কৰিছিল| উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সমগ্ৰ দেশ কপাই যোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল। চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল জেষ্ঠ চিকিৎসকগৰাকীক।দীৰ্ঘসময় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত উন্মত্ত শ্ৰমিকৰ দলটোৱে বাধা প্ৰদান কৰাত বিনা চিকিৎসাৰে মৃত্যুক আকোৱালি লৈছিল গুৰুতৰ ভাৱে আহত জেষ্ঠ চিকিৎসকগৰাকীয়ে। ইয়াৰ পাছতেই চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে। সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ দিছিল।দাবী তুলিছিল ফাষ্টট্ৰেক আদালতত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড বিচাৰৰ। ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ উচ্চ ন্যায়ালয়ক কৰা অনুৰোধৰ ভিত্তিত উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেকৰ দৰে খৰটকীয়া কৰিবলৈ নিৰ্দেশ দিছিল । আনহাতে যোৰহাট আৰক্ষীয়ে ঘটনাৰ পাচদিনৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ অভিযোগ পত্ৰ ৩২ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল। ৩২জন লোকৰ হৰি মাঝি নামৰ লোকজনৰ ন্যায়িক জিম্মাত থাকোতে মৃত্যু ঘটিছিল| আজি শাস্তি ঘোষনা হোৱাৰ পিছতে বিভিন্ন দল সংগঠনৰ লগতে চিকিৎসক সমাজে সন্তুষ্টি প্ৰকাশ কৰা লগতে নিহত চিকিৎসক দেবেন দত্তই ন্যায় পাইছে বুলিও মন্তব্য কৰে|

No comments