Page Nav

HIDE

মাৰ্ঘেৰিটাত নিৰ্মান হব ৫ খন অত্যাধুনিক খেলপথাৰ৷ আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী৷

গন বাৰ্তা, মাৰ্ঘেৰিটা, ৬ অক্টোবৰঃ   মাৰ্ঘেৰিটাবাসী ৰাইজৰ বাবে আজি এক ঐতিহাসিক দিন৷ আজিৰ দিনটো মাৰ্ঘেৰিটাৰ ক্ৰীড়াৰ ক্ষেত্ৰত সোনালী আখৰেৰে লি...



গন বাৰ্তা, মাৰ্ঘেৰিটা, ৬ অক্টোবৰঃ   মাৰ্ঘেৰিটাবাসী ৰাইজৰ বাবে আজি এক ঐতিহাসিক দিন৷ আজিৰ দিনটো মাৰ্ঘেৰিটাৰ ক্ৰীড়াৰ ক্ষেত্ৰত সোনালী আখৰেৰে লিপিবদ্ধ হৈ ৰব৷ কিয়নো মাৰ্ঘেৰিটাৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি আজি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ৩ খনকৈ উন্নত মানদণ্ডৰ খেলপথাৰৰ আধাৰশিলা উদ্ধোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সদস্য সচীৱ তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ একান্ত প্ৰচেষ্ঠাৰ বলত মাৰ্ঘেৰিটাবাসী ৰাইজে এই সম্পদ লাভ কৰিবলৈ সক্ষম হৈছে৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়িদিং মৌজাত নিৰ্মান কৰা হব তিনিখনকৈ অত্যাধুনিক খেলপথাৰ৷ ইয়াৰোপৰি লিডু কলেজ আৰু জাগুন হাইস্কুল খেলপথাৰখন উন্নীত হব অত্যাধুনিক খেলপথাৰলৈ৷ প্ৰতিকূল বতৰকো নেওচি আজি পুৱাৰে পৰা উক্ত খেলপথাৰ কেইখনৰ আধাৰশিলা অনুষ্ঠান আৰম্ভ কৰা হয়৷ মুখ্যমন্ত্ৰী গ্ৰামীন ক্ৰীড়া বিকাশ যোজনা ২০২০ ৰ অধীনত ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেঙেৰী আদৰ্শ গাঁও জ্ঞানোদয় হাইস্কুলৰ খেলপথাৰ, ডিৰাক সোনজান ৰাজহুৱা খেলপথাৰ আৰু আবেলিলৈ মহংচাৰিআলি ৰাজহুৱা খেলপথাৰ আধাৰশিলা উদ্ধোধন কৰি কামৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰী গ্ৰানীন ক্ৰীড়া বিকাশ যোজনা ২০২০ আচনিৰ অধিনত নিৰ্মান হবলগীয়া প্ৰতিখন খেলপথাৰৰ বাজেট হল ২০ লাখ টকা৷ প্ৰথম পৰ্যায়ত  প্ৰদান কৰা হব ৮ লাখ টকা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৃষ্ঠপোষকতাত এই আচনিৰ অধীনত সমগ্ৰ ৰাজ্যত নিৰ্মান হব মুঠ ৫০০ খন খেলপথাৰ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপৰিও অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ , মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম ত্ৰিড়া য়ুৱ কল্যাণৰ সঞ্চালক ডি কে মিলি, বিজেপি ৰাজ্যিক উপ সভাপতি পুলক গোহাঁই, অসম  ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল গগৈ, জিলা ক্ৰীয়া বিষয়া  প্ৰাঞ্জল দিহিঙীয়া, নিৰ্বাচনী বিষয়া অভিজিৎ গগৈ, অসম গৌৰৱ হিমা দাসৰ প্ৰক্ষিশক নিপন দাসৰ লগতে ভালেসংখ্যাক  দলীয় কমকতা৷ গাঁৱৰ খেলুৱৈ সকলৰ প্ৰতিভা সমুহ ৰাষ্ট্ৰীয় পৰ্যায়ত উলিয়াই অনাৰ প্ৰচেষ্ঠাৰে এইদৰে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে সমষ্টিটোত অত্যাধুনিক খেলপথাৰ নিৰ্মান কৰা হৈছে বুলি মতপোষন কৰে যুৱ নেতা লক্ষ্য কোৱৰে৷  ( সীমান্ত চেতিয়া )