Page Nav

HIDE

২ নৱেম্বৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুস্থানঃষষ্ঠ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে চলিব পাঠদান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ নিম্নগামী হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খো...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ অক্টোবৰ ঃ কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ নিম্নগামী হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আনুষ্ঠানিকভাৱে চলিব পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে সকলো শাখাৰ পাঠদান চলিব। আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। বিশ্ববিদ্যালয়, কাৰিকৰী, উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা। অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান মুকলি কৰা হ’ব যদিও বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ নীতি-নিৰ্দেশনা আৰোপ নকৰে।

 বিশ্ববিদ্যালয়সমূহত পাঠদানৰ বাবে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব বিশ্ববিদ্যালয় কতৃÇপক্ষই। ছাত্ৰ-ছাত্ৰীসকলক কি ধৰণে পাঠদান দিব বিশ্ববিদ্যালয়ৰ কতৃÇপক্ষই থিৰাং কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ২ নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে কাৰিকৰী শিক্ষা, মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ পাঠদান চলিব। কিন্তু ছাত্ৰাৱাসসমূহ খোলাৰ অনুমতি প্ৰদান কৰা নহ’ব। ১ ডিচেম্বৰৰ পৰাহে খুলিব ছাত্ৰাৱাসসমূহ। কোনোবাই যদি বিদ্যালয়সমূহত উপস্থিত থাকিব নোৱাৰে তেতিয়াহ’লে অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাদান কৰিব পাৰিব। শ্ৰেণীকোঠাত ২০-২৫জন ছাত্ৰ-ছাত্ৰীৰে পাঠদান দিব লাগিব। ইয়াতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব। আনকি ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও ভাগত বিভক্ত কৰি বিদ্যালয়সমূহত পাঠদান দিয়াৰ সুবিধা লাভ কৰিব। 

কিন্তু মহাবিদ্যালয়সমূহত যদি পাঠদানৰ বাবে শ্ৰেণীকোঠাৰ বিপৰীতে প্ৰেক্ষাগৃহ প্ৰস্তুত কৰে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব। মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰে পাঠদানৰ বাবে সুকীয়া সুকীয়াকৈ দিন ধাৰ্য কৰিছে। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান সোমবাৰ আৰু বৃহস্পতিবাৰে চলিব। একেদৰে স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান চলিব। পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান চলিব মঙল, বুধ, শুকুৰ আৰু শনিবাৰে। ¦³¨ল পৰ্যায়ত বিশেষকৈ প্ৰথমৰ পৰা পঞ্চম শেণীলৈকে শিক্ষানুষ্ঠান বন্ধ থাকিব। কেৱল ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজন ল’বলৈহে শিক্ষানুষ্ঠানত আহিব পাৰিব। ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ’ব পাঠদান। শিক্ষানুষ্ঠানসমূহত পাঠদানৰ বাবে দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে। পুৱা ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা শ্ৰেণীয়ে পাঠদানত অংশগ্ৰহণ কৰিব পাৰিব। 

একেদৰে বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ আন এটা দলে অংশগ্ৰহণ কৰিব পাৰিব পাঠদানত। অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বাকী শ্ৰেণীসমূহৰ কোনো পৰীক্ষা নহ’ব। কিয়নো অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়ে পাতিব আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বোৰ্ডে অনুষ্ঠিত কৰিব। বাকী শ্ৰেণীসমূহ পৰীক্ষা নোহোৱাকৈ উত্তীৰ্ণ হ’ব। অহা ১ ডিচেম্বৰত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদানৰ বাবে বিশেষ ব্যৱস্থা সিদ্ধান্ত লোৱা হ’ব। ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে যদি কোনোবা অভিভাৱকে শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ পঠিয়াব নিবিচাৰে তেতিয়াহ’লে অনলাইনৰ জৰিয়তে পাঠদান কৰাৰ সুবিধা লাভ কৰিব। ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি-অনুপস্থিতিৰ ক্ষেত্ৰত একো নিয়ম নাথাকে।

 আনকি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি হোষ্টেলত থাকিবলগীয়া হয়, বিশেষকৈ লখিমপুৰৰ ছাত্ৰজনে হোষ্টেলৰ পৰিৱৰ্তে নিজৰ জিলাৰ মহাবিদ্যালয়তেই পাঠদানৰ সুবিধা লাভ কৰিব। ইপিনে শিক্ষানুষ্ঠানসমূহৰ পৰা সকলো ধৰণৰ ক’ভিড চেণ্টাৰ প্ৰত্যাহাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। একেদৰে ২০-২৫জন ছাত্ৰ-ছাত্ৰীক লৈ টিউচন অথবা কোচিং চেণ্টাৰসমূহ খোলাৰ সুবিধা লাভ কৰিব। হোষ্টেলসমূহ ১ ডিচেম্বৰৰ পৰাহে খুলিব।