Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি মহাষষ্ঠিঃ ৰাজ্যত নাই উৎসাহৰ পৰিৱেশ, অনুষ্টুপীয়াকৈ ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰিব দুৰ্গোৎসৱ

মহানগৰ প্ৰতিবেদক, ২১ অক্টোবৰ ঃ ঋতুৱে বৰণ সলাই স্বাভাৱিক গতিৰে আগবাঢ়ি আছে।  প্ৰতিবছৰে শাৰদীয় এই ঋতুত পৰিপূৰ্ণ হৈ পৰে দুৰ্গাদেৱীৰ আৰাধনাৰে। কি...

মহানগৰ প্ৰতিবেদক, ২১ অক্টোবৰ ঃ ঋতুৱে বৰণ সলাই স্বাভাৱিক গতিৰে আগবাঢ়ি আছে।  প্ৰতিবছৰে শাৰদীয় এই ঋতুত পৰিপূৰ্ণ হৈ পৰে দুৰ্গাদেৱীৰ আৰাধনাৰে। কিন্তু এইবেলি কোৰোনা মহামাৰীৰ বাবে পূজাত কিছু শিথিলতা আহি পৰিছে। কাইলৈ মহাষষ্ঠী। ষষ্ঠীৰ বেদীত দুৰ্গতিনাশিনীৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ। মহিষাসুৰ-বধিনীক আৰাধনা কৰাৰ বাবে কাইলৈৰ পৰা চৌদিশে দবা-কাঁহ, শংখধবনি, উৰু¿¸লৰ কলৰৱ আৰম্ভ হ’ব। কোৰোনা মহামাৰীৰ মাজতেই ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ এইবেলি শাৰদীয় দুৰ্গোৎসৱ উদ্‌যাপন কৰিব। যিটো ভক্তপ্ৰাণ ৰাইজৰ বাবে এক নতুন অভিজ্ঞতা হ’ব। 

জীৱনত স্মৰণ হৈ ৰ’ব এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱা। যিহেতু চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে দুৰ্গোৎসৱ পালন কৰিব লাগিব ভক্তপ্ৰাণ ৰাইজে। পূৰ্বৰ দৰে এইবেলি উলহ-মালহেৰে আনন্দ-ফূৰ্তিৰে দুৰ্গোৎসৱ পালন কৰিব নোৱাৰিব। সকলোতেই প্ৰতিবন্ধকতা থাকিব এইবাৰৰ দুৰ্গোৎসৱত।  দেৱী দুৰ্গাৰ আৰাধনাকে ধৰি প্ৰতিমা বিসৰ্জনলৈ কঠোৰ প্ৰতিবন্ধকতা থাকিব ভক্তপ্ৰাণ ৰাইজৰ বাবে । ইয়াৰ উপৰি দুৰ্গোৎসৱৰ সময়ছোৱাত আনন্দ-উল্লাসত ঘূৰি ফুৰাৰ ক্ষেত্ৰতো চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিব লাগিব সকলোৱে। যিহেতু কোৰোনা ভাইৰাছৰ প্ৰকোপ বৰ্তমানো অব্যাহত আছে। এনেস্থলত সজাগ-সচেতনতাৰ মাজেৰে দুৰ্গোৎসৱ পালন কৰিব লাগিব ৰাইজে। 

উল্লেখ্য যে পূৰ্বৰ বেলিকাৰ দৰে এইবাৰ শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যত নাই আনন্দ-উল্লাস। চৌদিশে এতিয়া কোৰোনা মহামাৰীৰ প্ৰকোপ। সেইবাবে ৰাজ্যবাসীয়ে পালন কৰিব বিচৰা নাই আনন্দ-উল্লাসেৰে শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যবাসীয়ে দুৰ্গোৎসৱ আনন্দ-উল্লাসেৰে উদ্‌যাপন নকৰাৰ বাবে তাৰ পোনপটীয়া প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ বজাৰসমূহত। পূৰ্বতে দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত ৰাজ্যৰ বজাৰসমূহ ভৰি পৰে গ্ৰাহকেৰে। কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বজাৰসমূহত। কাপোৰকে ধৰি আন বিপণীসমূহত গ্ৰাহকৰ যি হাৰত পূৰ্বতে দুৰ্গোৎসৱৰ সময়ত সোঁত বৈছিল, এইবাৰ তাৰ সম্পূৰ্ণ ব্যতিক্ৰম। গ্ৰাহকৰ অপেক্ষাত ৰ’বলগীয়া হৈছে ব্যৱসায়ীসকল। গণেশগুৰি, ফাঁচী বজাৰকে ধৰি সকলো বজাৰতেই এতিয়া নিমাওমাও পৰিৱেশ। পুৱাৰ পৰা নিশালৈকে ব্যৱসায়ীসকলে গ্ৰাহকৰ অপেক্ষাত ৰ’বলগীয়া হৈছে। যিটো ব্যৱসায়ীসকলৰ বাবে এক নতুন অভিজ্ঞতা হৈ ৰ’ব এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাৰ ব্যৱসায়।

No comments