Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ হ’ব ডিটেনচন কেম্পত আৱদ্ধ লোকঃ কাৰাগাৰ পৰিদৰ্শন কৰি সাংবাদিকক জনালে অতিৰিক্ত মুখ্য সচিব জিষুž বৰুৱাই

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ অক্টোবৰ ঃ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত থকা ১৩৭জন সন্দেহযুক্ত নাগৰিকক অচিৰেই কাৰাগাৰৰ পৰা স্থানান্তৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ অক্টোবৰ ঃ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত থকা ১৩৭জন সন্দেহযুক্ত নাগৰিকক অচিৰেই কাৰাগাৰৰ পৰা স্থানান্তৰ কৰা হ’ব। কাৰাগাৰখনত  থকা ১৬জন বাংলাদেশী নাগৰিক, ১০জন ৰোহিংগ্যা আৰু এটি তিনি বছৰীয়া শিশুসহ ১১০জন ডি-ভোটাৰ আবদ্ধ হৈ আছে আৰু এইসকল লোকক অচিৰেই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে বুলি আজি তেজপুৰত মন্তব্য কৰে অসমৰ চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষু্ণ বৰুৱাই। উল্লেখ্য যে উচ্চ  ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এতিয়া তৎপৰ হৈছে গৃহ বিভাগ। যাৰ বাবে চৰকাৰে আদালতৰ নিৰ্দেশ অনুসৰি কাৰাগাৰত থকা সন্দেহযুক্ত নাগৰিক অথবা বিদেশী লোকৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰ্যায়ক্ৰমে কাৰ্যপন্থা হাতত লৈছে। 

আজি অসম চৰকাৰৰ গৃহ-ৰাজনৈতিক আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষু্ণ বৰুৱাহ× তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এহ× কথা প্ৰকাশ কৰে।  তেওঁ লগতে কয় যে তেজপুৰ জিলা কাৰাগাৰত পূৰ্বতে কিছু খেলিমেলিৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছিল যদিও বৰ্তমানে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে। আনহাতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলাগৰাকীয়ে কালি শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা সভাত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ প্ৰশাসনিক বিষয়াৰ লগতে আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

No comments