Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিয়নিত তাফিছা বিশ্ব খোজ কঢ়া দিৱস উদযাপন

গণ বাৰ্তা, নকছাৰি, ৪ অক্টোবৰ :  দৈনিক পুৱা খোজ কাঢ়ি সুস্থ সৱল হৈ থাকিবলৈ সজাগতা সৃষ্টি কৰা উদ্দেশ্যে ৪ অক্টোবৰ দিনটো তাফিছা বিশ্ব খোজ কঢ়া দি...


গণ বাৰ্তা, নকছাৰি, ৪ অক্টোবৰ :  দৈনিক পুৱা খোজ কাঢ়ি সুস্থ সৱল হৈ থাকিবলৈ সজাগতা সৃষ্টি কৰা উদ্দেশ্যে ৪ অক্টোবৰ দিনটো তাফিছা বিশ্ব খোজ কঢ়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে৷মৰিয়নিতো আজি তাফিছা বিশ্ব খোজ কঢ়া দিৱস উপলক্ষে মৰিয়নীৰ আছিহাৰা কেৰাটে স্কুল অৱ আছামৰ উদ্যোগত পুৱা মৰিয়নী নগৰৰ পৰা যোৰহাট পথত এক পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। এই পদযাত্ৰাত আছিহাৰা কেৰাটে স্কুল অৱ আছামৰ বহুসংখ্যক খেলুৱৈৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে।উল্লেখ্য যে, আছিহাৰা কেৰাটে স্কুল অৱ আছামে অসমত প্ৰথম বাৰৰ বাবে নৱ প্ৰজন্মৰ খেলুৱৈ সকলৰ বাবে কেইবাটাও গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পিছপৰা অঞ্চলৰ খেলুৱৈ সকলক বিনামূলীয়া কেৰাটে প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা লোৱাৰ লগতে কিশোৰী যুৱতীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা খেলুৱৈ সকলক নিজৰ প্ৰতিৰক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ দিয়াৰ পদক্ষেপ লৈছে। (সপোন ৰহমান শইকীয়া নকছাৰি )

No comments