Page Nav

HIDE

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মহিলা টি-২০ত ৫-০ৰে ছিৰিজ দখল ইংলেণ্ডৰ

লণ্ডন, ২ অক্টোবৰ ঃ ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ মহিলা দলৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ ছিৰিজৰ সামৰণি ঘটিছে। দুয়োটা দলৰ মাজত অনুষ্ঠিত ছিৰিজৰ অন...

লণ্ডন, ২ অক্টোবৰ ঃ ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ মহিলা দলৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ ছিৰিজৰ সামৰণি ঘটিছে। দুয়োটা দলৰ মাজত অনুষ্ঠিত ছিৰিজৰ অন্তিমখন মেচত বুধবাৰে নিশা তিনিটা উইকেটৰ ব্যৱধানত ইংলেণ্ডে জয় লাভ কৰে। এই জয়ৰে ছিৰিজৰ আটাইকেইখন মেচতে জয় লাভ কৰাৰ গৌৰৱ অৰ্জন কৰাই নহয়, ৫-০ৰে ছিৰিজো দখল কৰে। ছিৰিজৰ অন্তিমখন মেচ আৰম্ভ হোৱা কিছুক্ষণৰ পিছতে বতৰে বিধি পঠালি দিয়ে। দুঘণ্টা ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ বাবে দুয়োটা দলৰ মেচৰ অভাৰৰ সংখ্যা হ্ৰাস কৰি দিয়া হয়। দুয়োটা দলৰ মাজত ২০ অভাৰৰ পৰিবৰ্তে ৫ অভাৰৰ মেচ আৰম্ভ হয়। ৱেষ্ট ইণ্ডিজ দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ৫ অভাৰৰ মেচত তিনিটা উইকেট হেৰুৱাই ৪১ ৰান সংগ্ৰহ কৰে। 

ৱেষ্ট ইণ্ডিজে জয়ৰ বাবে বান্ধি দিয়া ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা ইংলেণ্ড মহিলা দলটোৱে ৪.৩ অভাৰত ৭টা উইকেট হেৰুৱাই ৪২ ৰান সংগ্ৰহৰে ছিৰিজৰ অন্তিমখন মেচত জয় লাভ কৰে আৰু ৫-০ৰে ছিৰিজ দখল কৰে। ছিৰিজৰ আটাইকেইখন মেচতে পৰাস্ত হোৱা ৱেষ্ট ইণ্ডিজ মহিলা দলটোৱে ইয়াৰ আগৰ ছিৰিজৰ চাৰিওখন মেচত বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত হৈছিল। দলটোৱে ছিৰিজত ইংলেণ্ডৰ বিৰুদ্ধে নিৰাশজনক প্ৰদৰ্শন দাঙি ধৰে। যাৰ ফলশ্ৰুতিত এখনো মেচত জয়ী হ’বলৈ নোৱাৰে ইংলেণ্ড দলৰ বিৰুদ্ধে।