Page Nav

HIDE

কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ বিষয়া ড০ পাৰ্থজ্যোতি গগৈৰ বিয়োগঃ দিল্লীৰ মেদান্তা হাস্পাতালত শেষ নিঃশ্বাস ত্যাগ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ ঃ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া ডঃ পাৰ্থজ্যোতি গগৈৰ অকালতে বিয়োগ ঘটিছে। আজি দিল্লীৰ মেদা...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ ঃ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া ডঃ পাৰ্থজ্যোতি গগৈৰ অকালতে বিয়োগ ঘটিছে। আজি দিল্লীৰ মেদান্তা হাস্পতালত পুৱতি নিশা প্ৰায় ৩ বজাত এইগৰাকী স্বাস্থ্য বিষয়াই শেষ নিশ্বাস ত্যাগ কৰে। দুলীয়াজানৰ প্ৰাক্তন বিধায়িকা অমিয়া গগৈৰ সুপুত্ৰ ডঃ পাৰ্থজ্যোতি গগৈ শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হৈছিল যদিও পিছত সুস্থ হৈ উঠে। দুলীয়াজানৰ নিৱাসী ডঃ পাৰ্থজ্যোতি গগৈ ভাৰত চৰকাৰৰ আঞ্চলিক ঔষধ পৰীক্ষণ কেন্দ্ৰ, ছয়মাইলৰ আঞ্চলিক সঞ্চালক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি আছিল।

 এইগৰাকী বিষয়া শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। কোৰোনাৰ পৰা মুক্ত হৈ তেওঁ ঘৰলৈ ওভতাৰ পিছত পাৰ্শ্বক্ৰিয়া হৈ বৃক্ক ৰোগত আক্ৰান্ত হয়। যাৰ বাবে তেওঁক দিল্লীৰ মেদান্তা হাস্পতালত শেহতীয়াকৈ ভৰ্তি কৰোৱা হৈছিল। দিল্লীৰ মেদান্তা হাস্পতালত তেওঁৰ বৃক্ক বিকল হৈ পৰে আৰু দিল্লীৰ হাস্পতালখনতেই শেষ নিশ্বাস ত্যাগ কৰে ভাৰত চৰকাৰৰ এইগৰাকী উচ্চপদস্থ বিষয়াই। ডনবস্কো গুৱাহাটীৰ পৰা শিক্ষাজীৱন আৰম্ভ কৰা ডঃ পাৰ্থজ্যোতি গগৈয়ে পৰৱৰ্তী সময়ছোৱাত সোণাৰিৰ বিপিবি মেমোৰিয়েল হাই¦³¨লত শিক্ষা গ্ৰহণ কৰে।

 পিছত তেওঁ ডাঃ এইচ এছ গৌৰ ইউনিভাৰছিটীৰ পৰা ফাৰ্মাচী বিষয়ত স্নাতক ডিগ্ৰী, মধ্য প্ৰদেশৰ একেখন ইউনিভাৰছিটীৰ পৰা ফাৰ্মাচী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত ইনষ্টিটিউট অৱ টেকন’লজী, নিৰ্মা বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী গ্ৰহণ কৰে। এইগৰাকী কৰ্মদক্ষ স্বাস্থ্য বিষয়াৰ অকাল বিয়োগত বিভিন্ন পৰ্যায়ৰ বহু লোকে শোক প্ৰকাশ কৰিছে। 

[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]