ষ্টাফ ৰিপৰ্টাৰ , ২ অক্টোবৰ : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত মহামানৱ মহাত্মা গান্ধীৰ ১৫১তম জন্মজয়ন্তী উদযাপন কৰা হয় । পুৱাই যোৰহাট গান্ধী শি...
ষ্টাফ ৰিপৰ্টাৰ , ২ অক্টোবৰ : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত মহামানৱ মহাত্মা গান্ধীৰ ১৫১তম জন্মজয়ন্তী উদযাপন কৰা হয় । পুৱাই যোৰহাট গান্ধী শিশু উদ্যানত গান্ধীজীৰ মূৰ্তিৰ সন্মুখত যোৰহাট জিলা উপায়ুক্ত অৰপাঞ্জী কৰাটি আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাপন কৰে । লগতে মহাত্মা গান্ধীৰ আৰ্দশ আৰু স্বচ্ছতাৰ সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে । উক্ত অনুষ্ঠানত যোৰহাট পৌৰ সভাত আৰু ক'ভিড চেণ্টাৰ সমূহত নিষ্ঠাৰে - সততাৰে কাম কৰা চাফাই কৰ্মী সকলক মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় । উক্ত অনুষ্ঠানত যোৰহাটৰ বহু গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে।
No comments