Page Nav

HIDE

আইনৰ অপব্যৱহাৰ কৰি বাক্‌ স্বাধীনতাত হনা হৈছে আঘাত ঃবিজি ভৰ্গিজ মেমোৰিয়েল বক্তৃতানুষ্ঠানত ন্যায়াধীশ মদন লোকুৰ

নতুন দিল্লী, ১৩ অক্টোবৰ ঃ আইনৰ অপব্যৱহাৰ কৰি দেশত বাক্‌-স্বাধীনতাত আঘাত হানি থকা হৈছে। এই কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন লো...

নতুন দিল্লী, ১৩ অক্টোবৰ ঃ আইনৰ অপব্যৱহাৰ কৰি দেশত বাক্‌-স্বাধীনতাত আঘাত হানি থকা হৈছে। এই কথা প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন লোকুৰে। বি জি ভাৰ্গিজ মেমোৰিয়েল বক্ততৃা অনুষ্ঠান-২০২০ত অংশ লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে কয় যে দেশত আইন সম্পূৰ্ণৰূপে অপব্যৱহাৰ কৰা হয় যদিও আইনৰ নীতি-নিয়ম উলংঘা কৰি ব্যক্তিৰ স্বাধীনতাত আঘাত হানি থকা হৈছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মিডিয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত বক্তৃতা অনুষ্ঠানত ন্যায়াধীশগৰাকীয়ে কয়- ব্যক্তি-স্বাধীনতাৰ ওপৰত আক্ৰমণ চলাই থকা হৈছে। ব্যক্তিৰ স্বাধীনতা শেষ কৰাৰ চেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে হাথৰস, ডাঃ কফিল খান, জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ গোচৰৰ সন্দৰ্ভত তেওঁ কয়- এইক্ষেত্ৰত আৰক্ষীয়ে আইনৰ অপব্যৱহাৰ কৰিছে। 

ন্যায়াধীশ লোকুৰে কয় যে উচ্চতম ন্যায়ালয়ৰ কেদাৰনাথ সিং বনাম বিহাৰ ৰাজ্য গোচৰত উচ্চতম ন্যায়ালয়ে ১৯৬২ৰ আৰম্ভণিতে স্পষ্ট ৰূপে দেশদ্ৰোহী আইনৰ ব্যাখ্যা দিছিল। তাৰ পিছতো বিষয়াসকলে দেশদ্ৰোহী আইনক অস্ত্ৰ হিচাপে লৈ বিভিন্ন কাৰ্য চলাই আছে। দেশদ্ৰোহী আইনৰ আধাৰত বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে। এইক্ষেত্ৰত এই আইনৰ অপব্যৱহাৰ কৰা হৈছে বুলিও ক’বলৈ বিচাৰে ন্যায়াধীশগৰাকীয়ে। উল্লেখ্য যে ‘আমাৰ মৌলিক অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষা-ভাষণ, ব্যক্তি-স্বাধীনতা আৰু বিৰোধ কৰাৰ অধিকাৰ’ বিষয়ক লৈ আলোচনা-চক্ৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে কয়- ভাষণৰ স্বাধীনতা নাইকিয়া কৰাৰ বাবে চেষ্টা চলোৱা হৈছে। 

মনেসজা ভাষণৰ আধাৰ হিচাপে লৈও ব্যক্তিৰ মৌলিক অধিকাৰ উলংঘা কৰা হৈছে। ডাঃ কফিল খানৰ গোচৰৰ সন্দৰ্ভত তেওঁ কয় যে ডাঃ কফিলক মনেসজা গোচৰেৰে তেওঁক দীৰ্ঘদিনে কাৰাগাৰত ভৰাই থোৱা হৈছিল। এইক্ষেত্ৰত আইন সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে বুলিও প্ৰকাশ কৰে ন্যায়াধীশগৰাকীয়ে। ইয়াৰ উপৰি ২৫ মে’ত পিঞ্জৰা টোড়ৰ সদস্যা দেৱাংগনা কলিতাক গ্ৰেপ্তাৰ কৰা আৰু দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক দিয়া সকাহৰ সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে এক ভয়াৱহ আক্ষেপলৈ সংকেত দি কয় যে এক সজা কাহানিৰ আধাৰতো গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰি তেওঁ কয়- স্বাধীন প্ৰেছৰ অধিকাৰ কাঢ়ি লোৱাৰ বাবেও আইনৰ অপব্যৱহাৰ কৰি থকা হৈছে।


[ কাৰিকৰী অসুবিধাৰ বাবে কিছু সময়ৰ কাৰণে ফেচবুকত শ্বেৰ কৰিব নোৱাৰিব  ]