Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লিডুত বিধ্বংসী অগ্নিকাণ্ড , নিমিষতে জুইত জাহ গল ৮ টাকৈ বাসগৃহ

গণ বার্তা, লেখাপানী, ২  অক্টোবৰ :  তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পৰ সমীপত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । আ...


গণ বার্তা, লেখাপানী, ২  অক্টোবৰ :  তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পৰ সমীপত আজি পুৱা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । আশা পাছোৱান,কালিয়ান টপন্ন, পৱন চাৱাশী,বাবলু তাঁতী,বেটাব মালী, অনিল বাৰা, সঞ্জু তাঁতী আৰু শৰ্মা বাজে নামৰ ব্যক্তি কেইজনৰ ঘৰ সম্পূৰ্ণ ভাৱে জুইত জাহ যায় । অগ্নিকাণ্ডৰ ফলত কোনো লোক পতিত হোৱা নাই যদিও কেইবা লক্ষ্য টকাৰ সম্পত্তি ধ্বংস হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । উক্ত অগ্নিকাণ্ড কেনেদৰে সংঘটিত হয় সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ঘটনা স্থলীত অগ্নি নিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে বসগৃহ কেইটা সম্পূৰ্ণ ভাৱে জ্বলি শেষ হয়। লেখপানীৰ পৰা শৰৎ গগৈ )

No comments