Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগেঃ মৰাণত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দাবী

গণ বাৰ্তা, মৰাণ, ২৯ অক্টোবৰ :  শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিয়া বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী তুলি...

গণ বাৰ্তা, মৰাণ, ২৯ অক্টোবৰ :  শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ দিয়া বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী তুলিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মাহমৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰাণহাটৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই দাবী তোলে বিধায়কজনে। তেওঁ কয়, শংকৰদেৱ কলাক্ষেত্ৰ গুৰুজনাৰ হয়, ইয়াত কাৰো পতাকা তুলিব নোৱাৰিব। কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ কথা তেওঁলোকে কি ভিত্তিত চিন্তা কৰিব পাৰিলে বুলি তেওঁ প্ৰশ্ন তোলে। বিধায়কজনে লগতে কয়, শ্বেৰমান আলীৰ মূৰত কঁঠাল ভাঙি খাব বিচাৰিছে বিজেপি, এজিপি আৰু বিপিএফ দলৰ বিধায়কসকলে। অসম বিধানসভা সমিতিৰ মৰ্মে এটা সংগ্ৰহালয় হওক বুলি প্ৰস্তাৱ দিছিল। তাত কোনো নাম নাছিল।

 কিন্তু শ্বেৰমান আলীয়ে এখোপ ওপৰলৈ গৈ মিঞা মিউজিয়াম হ’ব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। যিটো মন্তব্য একেবাৰে অবান্তৰ বুলি উল্লেখ কৰি বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। ইয়াৰ বাহিৰে শ্বেৰমান আলীৰ আৰু শাস্তি নাই বুলি উল্লেখ কৰাৰ লগতে এই বিতৰ্কটোত শ্বেৰমান আলীৰ মূৰত কঁঠাল ভাঙিব বিচৰাকেইজনকো সমানেই শাস্তি দিব লাগে বুলি তেওঁ দাবী তোলে। সংবাদমেলত তেওঁ আৰু কয়, শ্বেৰমান আলী এজন ৰেঞ্জাৰ আছিল। ৰেঞ্জাৰ থকাৰ পিছতে তেওঁ এআইইউডিএফ দলত আছিল। ইয়াৰ পিছত ২০১৬ চনত তেওঁ কংগ্ৰেছত যোগদান কৰে। 

তেওঁ এতিয়ালৈ অন্তৰাত্মাৰ পৰা কংগ্ৰেছ হ’ব পৰা নাই বুলি উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, শ্বেৰমান আলীৰ হয়তো ৰেঞ্জাৰ থকা সময়ছোৱাত কেছ আছিল। এই কেছৰ সন্দৰ্ভত বিজেপি দলৰ পৰা ভাবুকি পাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হয়তো তেওঁ বিজেপি দলৰ হৈ আওপকীয়াকৈ সমৰ্থন কৰাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি সংবাদমেলত মন্তব্য কৰে। ইফালে, শ্বেৰমান আলীৰ মন্তব্য কংগ্ৰেছৰ মন্তব্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

No comments