Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজিৰঙাত ৰক্ষকেই ভক্ষক : গঁড়ৰ খড়্গ ব্যৱসায়ীৰ সৈতে জড়িত পুনৰ দুটা অস্থায়ী বনকৰ্মীক গ্ৰেপ্তাৰ

গণ বাৰ্তা, বোকাখাত ,২৭ অক্টোবৰ :   ৰাজ্যখনত বি জে পি শাসিত চৰকাৰে দ্বায়িত্ব লোৱাৰ পিছৰ পৰা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ নিয়ন...


গণ বাৰ্তা, বোকাখাত ,২৭ অক্টোবৰ :   ৰাজ্যখনত বি জে পি শাসিত চৰকাৰে দ্বায়িত্ব লোৱাৰ পিছৰ পৰা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ নিয়ন্ত্ৰিত হৈছে যদিও অতি সংগোপনে ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা গঁড়ৰ খড়্গ  চোৰাং ব্যৱসায়ৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ গঁড়ৰ খড়্গ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত আৰু দুটা বন বিভাগৰ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ গগৈয়ে জানিব দিয়া মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত অস্থায়ী হাতী মাউত হিচাপে কৰ্তব্য কৰি থকা ধনমণি ৰাভা আৰু জামছিদ আলীক কাজিৰঙাত গঁড়ৰ খড়্গ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে । বন সংমন্ডল বিষয়াজনে আৰু জানিব দিয়া মতে প্ৰায়ে তিনি বছৰ পূৰ্বে অৰণ্যৰ ভিতৰত হাতী চৰাবলৈ যাওঁতে উক্ত দুই কৰ্মীয়ে এটা গঁড়ৰ খড়্গ বিচাৰি পাইছিল । এই খড়্গটো এজন লোকক বিক্ৰী কৰি ২-৪০ লাখ টকা লাভ কৰিছিল বুলি ইতিমধ্যে ধৃত দুই হাতী মাউতে জেৰাত স্বীকাৰ কৰিছে । ধৃত দুই হাতী মাউতক বন বিভাগৰ লোকে আদালতত হাজিৰ কৰাই দুদিনৰ বাবে বন বিভাগৰ জিম্মাত আনি মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।  উল্লেখ্য  গঁড় নিধন সাময়িক ভাৱে  নিয়ন্ত্ৰণ হৈ থকা  সময়তে গঁড়ৰ খড়্গৰ ব্যৱসায় একাংশ চোৰাং বেপাৰীয়ে অতি কৌশলেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিছে পলমকৈ হ'লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ’ৰমেশ কুমাৰ গগৈৰ বিশেষ তৎপৰতাত পোহৰলৈ অহা এই গঁড়ৰ খড়্গ চোৰাং ব্যৱসায়ৰ  নেটৱৰ্কে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে  গঁড়ৰ খড়্গ  চোৰাং ব্যৱসায়ীৰ এই চক্ৰৰ নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত একাংশ অস্থায়ী বনকৰ্মীয়ে  ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সংগোপনে সংগ্ৰহ কৰা গঁড়ৰ খড়্গ  আনি তুলি দিয়ে এই চোৰাং ব্যৱসায়ীৰ হাতত ৷ গঁড়ৰ খড়্গ  চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত  ব্যক্তিগত  এখন পৰ্যটক নিৱাসৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্থানীয় একাংশ লোকক বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে  এই ভয়ংকৰ তথ্য ৷ যোৱা ছেপ্টেম্বৰ মাহত এটুকুৰা গঁড়ৰ খড়্গৰ  অবৈধ ব্যৱসায়ৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া  ৰমেশ গগৈয়ে চলোৱা অভিযানত গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ৰ সৈতে কাজিৰঙাৰ বহু কেইজন হাতীৰ মাউত হিচাবে কাম কৰা অস্থায়ী বনকৰ্মী জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷ এই অভিযানৰ আঁত ধৰিয়েই শনিবাৰৰ দিনাও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু দুজন হাতী মাউত হিচাবে কৰ্মৰত অস্থায়ী বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ধৃত লোক দুজন জামচেৰ আলী আৰু ধনমনি ৰাভা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷ ইয়াকে লৈ এই অভিযানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত  ৭ গৰাকী অস্থায়ী বনকৰ্মীৰ লগতে এতিয়ালৈকে মুঠ ১৭ জন লোকক গ্ৰেপ্তাৰ  কৰিছে বন বিভাগৰ  অভিযানকাৰী দলে ৷ বন বিভাগৰ সূত্ৰে আৰু জানিব দিয়া মতে  এই চক্ৰৰ সৈতে আৰু ভালেসংখ্যক লোক জড়িত থকাৰ তথ্যও আছে বন বিভাগৰ হাতত ৷ অচিৰেই এই সকল লোকও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভাগীয় হাতী চোৱাচিতাৰ বাবে নিয়োজিত এই অস্থায়ী কৰ্মী সকলে ধনৰ বিনিময়ত ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিকভাৱে সৰি পৰা গঁড়ৰ খৰ্গ সংগ্ৰহ কৰি চোৰাংব্যৱসায়ীক যোগান ধৰি  আহিছিল ৷ যিটো কাৰ্য চিকাৰীয়ে গঁড় হত্যা কৰা কাৰ্যতকৈও ভয়াবহ বুলি বিবেচিত হৈছে ৷ গঁড়ৰ খৰ্গৰ এই চোৰাং ব্যৱসায়ী চক্ৰ উৎখাত কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় উদ্যানখনত আৰু ভয়াবহ কাণ্ড সংঘৰ্টিত হোৱাৰ সম্ভাৱনা আছে ।

No comments