Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুখনকৈ চোৰাং কয়লা ভৰ্টি ট্ৰাক জব্দ, তিনিজনক গ্ৰেপ্তাৰঃ প্ৰাক্তন অ’চি মুনিন্দ্ৰনাথ চমুৱাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

গণ বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ অক্টোবৰ ঃ সাধৱান কয়লা চুৰি চক্ৰ।  এইবাৰ কয়লাৰ চোৰাং ব্যৱসায়ীৰ ওপৰত শেনচকু পৰিছে মাৰ্ঘেৰিটা আৰক্ষীৰ। অঞ্চলটোত চলিবল...

গণ বাৰ্তা, মাৰ্ঘেৰিটা, ১৯ অক্টোবৰ ঃ সাধৱান কয়লা চুৰি চক্ৰ।  এইবাৰ কয়লাৰ চোৰাং ব্যৱসায়ীৰ ওপৰত শেনচকু পৰিছে মাৰ্ঘেৰিটা আৰক্ষীৰ। অঞ্চলটোত চলিবলৈ দিয়া নহ’ব কোনোধৰণৰ চোৰাং কয়লাৰ বেহা। মাৰ্ঘেৰিটাৰ চোৰাং কয়লা বেহাৰ বিষয়ে  ‘গণ অধিকাৰ’ কাকতত সবিস্তাৰে বাতৰি প্ৰকাশৰ পিছতেই দেখিবলৈ পোৱা গ’ল ব্যাপক প্ৰভাৱ। মাৰ্ঘেৰিটা মহকুমাৰ নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া পুনা গগৈৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ সহযোগত আজি কাহিলি পুৱাই ৰাজপথৰ পৰা জব্দ কৰা হৈছে দুখনকৈ চোৰাং কয়লাভৰ্তি ট্ৰাক। লগতে আৰক্ষীৰ জালত পৰিছে এজন কুখ্যাত কয়লা মাফিয়াসহ দুজন সহযোগী। উল্লেখ্য যে আজি কাহিলিপুৱা প্ৰায় ৫ বজাত গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই পাৱৈ ছাইডিঙত খেদি খেদি চোৰাং কয়লা পৰিবাহী দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। লগতে দুয়োখন ট্ৰাকৰ দুজনকৈ চালককো আটক কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে। চোৰাং কয়লা পৰিবাহী ট্ৰাক দুখনৰ নম্বৰ হ’ল- এ এছ-২৫এচি-১৪৭৬ আৰু এ এছ-০১জেচি-৫৫৪৫। উল্লেখ্য যে অঞ্চলটোত চলি থকা বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে গিজগিজাই থকাৰ সময়তে এটা চক্ৰই এইদৰে সংগোপনে দুয়োখন চোৰাং কয়লাভৰ্তি ট্ৰাক সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল।

 ইতিমধ্যে উক্ত চোৰাং কয়লা সৰবৰাহৰ স’তে জড়িত ব্যক্তিজনকো আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি আটক কৰিবলৈ সক্ষম হৈছে। ধৃত অভিযুক্তজন দেৱব্ৰত দত্ত ওৰফে দেবু বুলি জানিব পৰা গৈছে। দেবুৰ বিৰুদ্ধে বিগত সময়ত লেখাপানীত বাহৰ পাতি কয়লাৰ বৃহৎ কাৰবাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছিল। শিৱসাগৰ চূণপুৰা যমুনামুখ নিৱাসী দেৱব্ৰত দত্তই লেখাপানীত এজন শিক্ষকৰ ঘৰত বাহৰ পাতি এইদৰে কয়লাৰ চোৰাং বেহা চলাই আহিছিল। মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত কয়লাৰ চোৰাং কাৰবাৰ কৰি দেবুৱে কোটি কোটি টকা লুণ্ঠন চলাইছিল। পিছে এইবাৰ দিন বেয়া আছিল দেৱব্ৰতৰ। চোৰাং কয়লা ট্ৰাক সৰবৰাহ কৰিবলৈ গৈ এইবাৰ আৰক্ষীৰ জালত পৰিল দেৱব্ৰত। আনফালে দেৱব্ৰত দত্তক এটি সাধাৰণ মুহুৰা আখ্যা দি এই চক্ৰটোৰ আঁৰত মাৰ্ঘেৰিটাৰ প্ৰাক্তন অ’চি মুনীন্দ্ৰ নাথ চমুৱাৰ হাত থকা বুলিহে ৰাইজে অভিযোগ উত্থাপন কৰিছে।

 কিয়নো ছেপ্টেম্বৰ মাহতেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো মুনীন্দ্ৰনাথ চমুৱাই মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিৰ এটা ভাৰাঘৰত বাহৰ পাতি কয়লা ব্যৱসায়ৰ বাবে পাং পতা বুলি সততে চৰ্চা হৈ আহিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি মুনীন্দ্ৰনাথ চমুৱাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ শৰণাপন্ন হৈ চোৰাং কয়লা সৰবৰাহৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ কথা অঞ্চলটোত সৰ্বজনবিদিত। মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত জমা কৰি ৰখা চোৰাং কয়লাৰ ওপৰত তেখেতৰ আছিল শেনচকু। এইসমূহ কয়লা সৰবৰাহ কৰিবৰ বাবে যোৱা কিছুদিন ধৰি মুনীন্দ্ৰনাথ চমুৱাই উঠিপৰি লগাৰ কথাও জানিব পৰা গৈছিল। তেনেক্ষেত্ৰত জব্দকৃত এই কয়লা ট্ৰাকৰ স’তে প্ৰাক্তন অ’চি মুনীন্দ্ৰনাথ চমুৱাৰ যে কিবা সম্পৰ্ক নাথাকিব সেয়া নুই কৰিব নোৱাৰি। ইফালে এটা সূত্ৰই দাবী কৰা মতে দেৱব্ৰতে অ’চিৰ পুত্ৰৰ পৰা কয়লা ক্ৰয় কৰি প্ৰাক্তন অ’চিগৰাকীৰ সাহসত কিছুদিনৰ পৰা কয়লা সৰবৰাহ কৰি আহিছিল। ইতিমধ্যে ২০খনকৈ ট্ৰাক সৰবৰাহ কৰাৰ পিছতেই আজি ঘটে এই অথন্তৰ। 

অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা বিষয়টোৱে নিৰাশাৰ মাজতো ৰাইজক আশাৰ ৰেঙনি যোগাইছে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু মাৰ্ঘেৰিটা থানাৰ নৱনিযুক্ত আৰক্ষী উৎপল বৰাৰ এই সাহসী পদক্ষেপৰ শলাগ লৈছে মাৰ্ঘেৰিটাৰ সচেতন মহলে। অৱশ্যে জব্দকৃত চোৰাং কয়লাখিনি ক’ৰ পৰা অনা হৈছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই যদিও এক সূত্ৰই এয়া জাগুনৰ ৱাৰা বস্তিৰ পৰা অনা বুলি দাবী কৰিছে। ইতিমধ্যে কয়লা ব্যৱসায়ী দেৱব্ৰত দত্ত, গাড়ীচালক অনন্ত দেউৰী আৰু ললিত গগৈৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আই পি চিযআৰ ডব্লিউ ৩ ডি পি পি এৰ অধীনত ৩০৩য২০ নম্বৰত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সমষ্টিটোত কোনো ছিণ্ডিকেট নাই বুলি সততে দাবী কৰি নিজকে ধোৱা তুলসীৰ পাত সজোৱা সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই বা এতিয়া কি কয় সেয়াহে হ’ব লক্ষণীয়।

No comments