ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৪ অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাজৰথত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদৰ লগতে অভিযুক্তৰ শাস্ত্ৰী প্রদানৰ দাবীত সোমবা...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৪ অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাজৰথত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদৰ লগতে অভিযুক্তৰ শাস্ত্ৰী প্রদানৰ দাবীত সোমবাৰে যোৰহাটৰ ৫৪ নং পঞ্চায়ত অঞ্চলত মহিলা কংগ্ৰেছৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।
উক্ত সভাত উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে মহিলা কংগ্ৰেছৰ সদস্য সকলে সমালোচনা কৰে । লগতে মৃত্যু হোৱা যুৱতী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে মম জ্বলাই প্ৰাৰ্থনাও কৰে ।
সন্ধিয়া বহু মহিলাই এক কেণ্ডেল সমদল কৰা হয় । উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা জিলা কংগ্ৰেছৰ দায়িত্বত থকা বন্তি গন্ধিয়া , বাঘচোং ব্লকৰ সভানেত্ৰী মৃদুস্মিতা দাস,ব্লক কংগ্ৰেছৰ উপ সভানেত্ৰী ৰূপা গগৈৰ লগতে কেইবাগৰাকী কংগ্ৰেছৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰে । উক্ত প্ৰতিবাদী সভা আৰু সমদলত স্থানীয় বহু মহিলাই অংশগ্ৰহণ কৰা দেখা গৈছিল ।
No comments