Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লেংটিছিঙাত ‘অসম চৰ পৰিষদৰ’ সাধাৰণ সভা সম্পন্ন : শদিয়াৰ পৰা মানকাচৰলৈ চৰ-চাপৰিৰ কলা-সংস্কৃতি সংৰক্ষণ কৰক

গুৱাহাটী, ২৯ অক্টোবৰ :  বঙাইগাঁও জিলাৰ লেংটিছিঙাত অনুষ্ঠিত হ’বলগীয়া অসম চৰ পৰিষদৰ তৃতীয়তম অধিৱেশন উপলক্ষে আজি লেংটিছিঙাস্থিত ‘মানাহ জাতীয় বি...


গুৱাহাটী, ২৯ অক্টোবৰ :  বঙাইগাঁও জিলাৰ লেংটিছিঙাত অনুষ্ঠিত হ’বলগীয়া অসম চৰ পৰিষদৰ তৃতীয়তম অধিৱেশন উপলক্ষে আজি লেংটিছিঙাস্থিত ‘মানাহ জাতীয় বিদ্যালয়’ প্ৰাংগণত পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আজিৰ সভাত অসম চৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নূৰ আলমে সভাপতিত্ব কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে এক্ৰামূল ভুট্টৱে। সভাত দৈনিক ‘গণ অধিকাৰ’ কাকতৰ অন্যতম সঞ্চালক ছাহজাহান তালুকদাৰ, অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এমৰান হুছেইন খণ্ডকাৰ আৰু ব্ৰpুপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰৰ উপৰি পৰিষদৰ প্ৰায়সংখ্যক বিষয়ববীয়াৰ উপস্থিতিত উক্ত অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰিবলৈ স্থানীয় ৰাইজক লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰে।

 সভাত দৈনিক ‘গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় অসম বিধানসভাৰ ১৫জনীয়া সদস্যৰে গঠিত ষ্টেণ্ডিং কমিটীয়ে চৰ-চাপৰিবাসীৰ কলা আৰু সংস্কৃতি সংৰক্ষণ কৰিবলৈ লোৱা প্ৰস্তাৱ আদৰণীয়। অসমৰ শদিয়াৰ পৰা মানকাচৰলৈ থকা চৰ-চাপৰি এলেকাত কলা-কৃষ্টি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। তালুকদাৰে আৰু কয় ‘শেহতীয়াকৈ বিতৰ্কৰ মাজলৈ অহা মিঞা মিউজিয়াম এটা ৰাজনৈতিক ষড়যন্ত্ৰ। চৰ-চাপৰি এলেকাৰ কলা-কৃষ্টি সংৰক্ষণৰ বিষয়টো বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ সৈতে সােãাৰা কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰোঁ। অতি শীঘ্ৰে ষ্টেণ্ডিং কমিটীয়ে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেয়া কাৰ্যতঃ ৰূপায়ণ কৰিবলৈ আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ।’ 

No comments