Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহাজোঁট গঠনৰ বাবে সাজু প্ৰদেশ কংগ্ৰেছঃ ৰাইজৰ দল-এজেপিকো বিৰোধী গোটত বিচাৰে ৰিপুন বৰাই

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ :  বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কা...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ :  বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কালি বিজেপিয়ে দুমাহৰ কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে আজি কংগ্ৰেছৰ মাজতো ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে বিৰোধী শক্তিসমূহক পুনৰবাৰ ঐক্যবদ্ধ কৰাৰ বাবে আহবান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। বিজেপিক পৰাস্ত কৰাৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰি ৰিপুন বৰাই দাবী কৰিছে যে ৰাইজৰ সমৰ্থনত আগন্তুক নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। 

উন্নয়নৰ নামত বিজেপিয়ে ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ হাতত উন্নয়নৰ খতিয়ান নাই, সেয়েহে বিজেপিয়ে সম্প্ৰতি হিন্দু-মুছলমানৰ ৰাজনীতিত নামি পৰিছে। অসমত সাম্প্ৰদায়িক মেৰুকৰণ কৰাৰ বাবে তথা আন মৌলিক সমস্যা গাপ দিয়াৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতিত নামি পৰিছে বিজেপি। ইপিনে, বিৰোধী মহাজোঁট গঠন কৰি বিজেপিক ওফৰাই দিয়াৰ বাবে সাজু হৈছে কংগ্ৰেছ দল। ইতিমধ্যে এআইইউডিএফৰ সৈতে বাৰ্তালাপৰ পিছত বামপন্থী দলসমূহৰ সৈতেও এখন মঞ্চ গঠন কৰাত অগ্ৰসৰ হৈছে কংগ্ৰেছ দল। বিৰোধী মহাজোঁটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো অংশ ল’বলৈ আজি আহবান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইপিনে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব এআইচিচিয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙক অৰ্পণ কৰাত আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই।a

No comments