Page Nav

HIDE

অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰীক এপিএছচিতকৈয়ো ভয়াৱহ : অজিত কুমাৰ ভূঞা

  ৰাজ্যৰ প্ৰশাসনিক ব্যৱ¦স্থাক গেৰুৱাকৰণৰ চেষ্টা বিজেপিৰঃ ৰিপুন বৰাৰ অভিযোগ মহানগৰ ›¶তিবেদক, ১ অক্টোবৰ ঃ অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকা...

 

ৰাজ্যৰ প্ৰশাসনিক ব্যৱ¦স্থাক গেৰুৱাকৰণৰ চেষ্টা বিজেপিৰঃ ৰিপুন বৰাৰ অভিযোগ

মহানগৰ ›¶তিবেদক, ১ অক্টোবৰ ঃ অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ ৰাজ্য চৰকাৰক প্ৰত্যক্ষ জগৰীয়া কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অভিযোগ তুলি কয় যে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক গেৰুৱাকৰণ কৰাৰ চেষ্টা চলাইছে বিজেপি-আৰএছএছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন যৌথ সংবাদমেলত অংশ লৈ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোত বিজেপি আৰু আৰএছএছৰ দীঘলীয়া এজেণ্ডা আছিল। গোটেই প্ৰশাসনীয় ব্যৱস্থা বিজেপি-আৰএছএছে দখল কৰাৰ লক্ষ্য ৰাখিছে। বিজেপিশাসিত ৰাজ্যসমূহত ইতিমধ্যে এই এজেণ্ডাৰে কাম চলি আছে বুলি অভিযোগ তুলি তেওঁ কয় যে এতিয়া অসমৰ প্ৰশাসনিক ব্যৱস্থাকো গেৰুৱাকৰণ কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে। আৰক্ষী বিভাগকে ধৰি ৰাজ্যৰ মূল বিভাগসমূহত বিজেপি-আৰএছএছৰ সদস্যক নিযুক্তি দিয়াৰ চেষ্টা চলাইছে। চাকৰিৰ নামত ধন লোৱা বিষয়টো এটা গৌণ বিষয়হে। মূল বিষয়টো হৈছে আৰএছএছ-বিজেপিৰ সদস্যক নিযুক্তি দিয়া। এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত চিআইডিৰ হাতত অৰ্পণ কৰাৰ বিষয়টোৰ সন্দৰ্ভত ৰিপুন বৰাই কয়- চিআইডিয়ে কি তদন্ত কৰিব• চিআইডি-আৰক্ষী একেই। চিআইডিয়ে আৰক্ষীৰ তদন্ত কৰিব নোৱাৰে বুলি অভিযোগ তুলি কয় যে এছআই পৰীক্ষাৰ কেলেংকাৰী গৃহ বিভাগৰ পৰাই হৈছিল। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ চকীত বহি থকালৈ এই তদন্ত কেতিয়াও স্বচ্ছ হ’ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চিআইডিয়ে কেনেকৈ তদন্ত কৰিব বুলি প্ৰশ্ন তুলি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা নিৰপেক্ষ তদন্ত কৰিব লাগে এই কেলেংকাৰীৰ। ইয়াৰ উপৰি তেওঁ কয় যে এছআই কেলেংকাৰীটোৱে ৰাজ্যত প্ৰথমটো ডাঙৰ কেলেংকাৰী হোৱা নাই। ইয়াৰ আগতেও অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাসমূহত কেলেংকাৰী সংঘটিত হৈছে। ইয়াৰ আগতে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাসমূহত বিজেপি, আৰএছএছৰ সদস্যৰ কথা চিন্তা কৰি তেওঁলোকক নিযুক্তি দিয়া হৈছে আৰু চৰকাৰে নিবনুৱা যুৱক-যুৱতীৰ চিন্তা কৰা নাই। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰী তাৰ এটা উদাহৰণ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিজেপিৰ অঙহী-বঙহীয়ে নিযুক্তি লাভ কৰিছিল। পিএনআৰডি নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ এটা দিনৰ পিছতেই নিযুক্তি-পত্ৰ দিয়া হয়। তেওঁ কয়- এপিডিচিএলত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিলে যদিও আজিলৈ ফলাফল ঘোষণা কৰা নাই। কেতিয়ালৈ এই ফলাফল ঘোষণা কৰিব বুলি প্ৰশ্ন কৰি কয় যে ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এনে সময়ছোৱাত চৰকাৰে কেতিয়া এপিডিচিএলৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আৰু নিযুক্তি দিব• ইয়াৰ উপৰি তেওঁ কয়- এতিয়া গ্ৰামাঞ্চলসমূহত চাকৰি দিয়াৰ নামত ব্লেকমেইলিং চলিছে। বিজেপিৰ লোকসকলে গ্ৰামাঞ্চলৰ নিবনুৱা লোকসকলক চাকৰি দিয়াৰ নামত প্ৰলোভন দিবলৈ ধৰিছে। ইয়াৰ উপৰি তেওঁ কয়- বিজেপিয়ে ৰাজ্যৰ চাহ বাগানত কৰ্মৰত কৰ্মচাৰীসকলক মজুৰিৰ নামত বঞ্চনা কৰিছে। চাহ বাগানত কৰ্মৰত কৰ্মচাৰীসকলক বিজেপি চৰকাৰে ৩৫১ টকা মজুৰি দিব বুলি ঘোষণা কৰিছিল যদিও সেই ঘোষণা আজিলৈ ঘোষণা হৈয়ে থাকিল। তেওঁলোকক আভুৱা-ভাঁৰিলে বিজেপি চৰকাৰে বুলি উল্লেখ কৰে। আনহাতে আজিৰ সংবাদমেলত ৰাজ্যসভাৰ নৱনিযুক্ত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে অসম আৰক্ষীৰ এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে বৃহৎ কেলেংকাৰী ঘটনা সােãাৰ খাই আছে। এই কেলেংকাৰী এপিএছচিতকৈও ভয়াৱহ বুলি উল্লেখ কৰি তেওঁ কয় যে এই তদন্ত নিৰপেক্ষভাৱে হ’ব লাগে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে এই কেলেংকাৰী ভেঁকোভাওনাত পৰিণত হ’বলৈ গৈ আছে। বুজাবুজিৰ মাধ্যমেৰে তদন্ত প্ৰক্ৰিয়া শেষ কৰাৰ চেষ্টা চলোৱা হৈছে। তেওঁ দাবী কৰি কয় যে এই তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা হ’ব লাগে। তদন্ত প্ৰক্ৰিয়া চলি থকালৈ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী কৰে অজিত কুমাৰ ভূঞাই। ইয়াৰ উপৰি তেওঁ এইবুলিও অভিযোগ তুলি কয় যে গণতন্ত্ৰৰ অৱশিষ্ট যি আছিল সেয়া হত্যা কৰিছে বিজেপি-আৰএছএছে। সংসদীয় পৰম্পৰা নোহোৱা কৰিবলৈ উঠিপৰি লাগিছে। কৃষি বিধেয়ক সংসদত উত্থাপন কৰাৰ সময়ত সংসদৰ নীতি-নিয়মসমূহ জলাঞ্জলি দিয়া হৈছে। যাৰ বাবে সংসদৰ বাহিৰে-ভিতৰে ইয়াৰ প্ৰতিবাদ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষি বিধেয়কৰ বিৰুদ্ধে সংসদত ৰিপুন বৰাই তীব্ৰ প্ৰতিবাদ কৰিছিল। লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰে অসম চুক্তিৰ ছয় নং দফাক লৈ মিছা মাতিব ধৰিছে। ছয় নং দফাক লৈ আইনজ্ঞ কমিটী গঠন কৰিব বুলি ঘোষণা কৰিছিল যদিও আজিলৈ এই কমিটী গঠন কৰা হোৱা নাই। চৰকাৰে ৰাইজক আভুৱা-ভাঁৰিছে বুলি উল্লেখ কৰে অজিত কুমাৰ ভূঞাই। আজিৰ সংবাদমেলত চিপিআই নেতা মুনিন মহন্ত আৰু চিপিআই(এম-এল) নেতা বিবেক দাস উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিতেই আজি ৰিপুন বৰা আৰু অজিত কুমাৰ ভূঞাই উপৰিউক্ত কথাখিনি উল্লেখ কৰে।